বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত আদালতত উত্থাপিত হোৱা অভিযোগৰ পৰা মহাতাৰকা অভিনেতা ছলমান খান, চলচ্চিত্ৰ নিৰ্মাতা-নিৰ্দেশক কৰণ জোহৰ আৰু সঞ্জয়লীলা ভাঞ্চালীক ৰেহাই দিলে বিহাৰৰ মুজাফাৰপুৰৰ আদালতে। যোৱা ১৪ জুনত সুশান্তৰ মৃত্যুৰ বাবে ‘নেপ’টিজম’ অৰ্থাৎ স্বজনপ্ৰীতিক দোষাৰোপ কৰি এজন ব্যক্তিয়ে মুজাফাৰপুৰৰ আদালতত ছলমান, কৰণ-সঞ্জয়ৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল ।
ADVERTISEMENT
আবেদনকাৰীয়ে দাবী কৰি কৈছিল যে এই তিনি বলিউডৰ শীৰ্ষ ব্যক্তিৰ হস্তক্ষেপত সুশান্তই বিগত সাতমাহত ছখন ছবিত অভিনয়ৰ সুযোগ হেৰুৱাব লগা হৈছিল। আইনজীৱি সুধীৰ কুমাৰ ওজাই আদালতত দাখিল কৰা এই গোচৰত মুজাফাৰপুৰৰ আদালতে যোৱাকালি ছলমান, কৰণ-সঞ্জয়ক অভিযোগৰ পৰা ৰেহাই দিয়ে।