অসম আৰক্ষীৰ প্ৰাক্তন বিষয়া তথা হাতীগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ভগৱান বৈশ্যৰ মৃত্যু

WhatsApp Image 2020 07 11 at 5.11.01 PM

অসম আৰক্ষীৰ প্ৰাক্তন বিষয়া তথা হাতীগাঁও অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী ভগৱান বৈশ্যৰ শুকুৰবাৰে সন্ধিয়া ৫ বজাত মৃত্যুক আকোৱালি লোৱাত মহানগৰীৰ হাতীগাঁৱত শোকৰ ছাঁ পৰে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ৭১ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে ভগৱান বৈশ্যই। বৃক্কৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি তেওঁ বৰ্তমান ঘৰতে আছিল।

শুক্ৰবাৰে হঠাতে অসুস্থ হৈ পৰাত পৰিয়ালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় যদিও তেওঁ মৃত্যুক আকোঁৱালি লয়। বৈশ্যই ২০১২ চনত অসম আৰক্ষীৰ ডিএছপি পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ চাকৰিকালত আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত সমাজৰ কাম কৰা অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে হাতীগাঁও নামঘৰ সমিতিৰ কৰ্মী, বৃহত্তৰ হাতীগাঁও দুৰ্গাপূজা সমিতি, বৃহত্তৰ হাতীগাঁও ৰঙালী বিহু পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আছিল ।

সামাজিক, সাংস্কৃতিক কৰ্মী তথা ক্ৰীড়া সংগঠক বৈশ্যই মৃত্যুৰ আগমুহূৰ্তলৈ হাতীগাঁৱৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ কাম কৰিছিল। প্ৰাক্তন আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুত প্ৰাক্তন আছু নেতা নুৰুল হক, অসম আন্দোলনকাৰী নেকিবুৰ জামান সহ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে। তেওঁৰ মৃত্যু হাতীগাঁও অঞ্চলৰ অপূৰণীয় ক্ষতি হোৱা বুলি কয়। বৈশ্যই ইহসংসাৰত পত্নী, তিনিগৰাকী কন্যা আৰু এগৰাকী পুত্ৰক এৰি থৈ যায়৷

Exit mobile version