আজি গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস

gauhati artists guild guwahati chandmari guwahati

শিল্প কলাৰ এক অগ্ৰণী অনুষ্ঠান গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ আজি ৪৪সংখ্যক প্ৰতিষ্ঠা দিৱস । তলাবন্ধ কাৰ্যসূচীৰ বাবে গীল্ডৰ বাকৰিত কায়িকভাৱে প্ৰতিষ্ঠা দিৱসটো উদযাপন কৰা নাই যদিও প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গীল্ডৰ তৰফৰ পৰা এলানি অনলাইন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাৰ পৰা গীল্ডৰ প্ৰসংগ গীত প্ৰচাৰ, ১০ বজাৰ পৰা গীল্ডৰ কলা প্ৰদৰ্শনী,সন্ধিয়া ৭বজাৰ পৰা ৮ বজালৈ ফেইচবুক লাইভ যোগে “সাম্প্ৰতিক সংকটৰ পৰিপ্ৰেক্ষিতত শিল্প চৰ্চা :-সমস্যা আৰু সম্ভাৱনা “শীৰ্ষক এখন আলোচনা চক্ৰৰো আয়োজন কৰা হয় ।

Exit mobile version