এবছৰে শৰ্য্যাশায়ী গীতাৰ বাদক মুন্না ৰয় : চৰকাৰলৈ আহ্বান

IMG 20200708 WA0099

এবছৰ পূৰ্বে ককালৰ এক জটিল ৰোগত আক্ৰান্ত হৈ শৰ্য্যাগত হোৱা এজন শিল্পীৰ চিকিৎসাৰ বাবে হোৱা ধনৰ অভাৱে তেওঁৰ পৰিয়ালটোক চৰম অনিশ্চয়তাৰ দিশলৈ ঠেলি দিছে ৷ ৰাজ্য চৰকাৰে ৰাজ্যৰ শিল্পী সকলৰ বাবে ঘোষণা কৰা কোনো আঁচনিয়েই এইজন শিল্পীক স্পৰ্শ কৰা নাই ৷ এগৰাকী সুদক্ষ গীতাৰ বাদক তেজপুৰৰ মুন্না ৰয়ে(৪৭)গীতাৰ বজাইছিল ৰাজ্যৰ এগৰাকী প্ৰসিদ্ধ শিল্পী সূৰ্য দাসৰ স’তে ৷ অসুস্থতাৰ পূৰ্বে তেজপুৰ, ৰঙাপৰা আৰু বালিপৰাৰ কুৰিৰো অধিক যুৱকক গীতাৰ বজাবলৈ শিকাইছিল তেজপুৰ কলিবাৰী নিবাসী এইগৰাকী গীতাৰ বাদকে ।

১৯৮৪তে গীতাৰ বজাবলৈ শিকা মুন্না ৰয়ে অসমৰ বিখ্যাত শিল্পী সুৰ্য দাসৰ উপৰি কলকতাৰ সঙ্গীত শিল্পী মধুচন্দ্ৰা দাসগুপ্ত আৰু তেজপুৰৰ শিল্পী মুৰুলী নাথ, বন্দনা বৰাকে ধৰি বহুকেজন শিল্পীৰ সঙ্গীতৰ অনুষ্ঠানত গীতাৰ বজাইছিল। কিন্তু হঠাৎ অসুস্থতাই শৰ্য্যাশায়ী কৰি তোলা ৰয়ৰ এতিয়া চিকিৎসাতো বাদেই প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰিবলৈকো ধনৰ অভাৱ ঘটিছে ৷

এইক্ষেত্ৰত তেওঁৰ পত্নী প্ৰতিমা দাস ৰয়ে কয় যে স্বামী মুন্না ৰয় এবছৰ পুৰ্বে ককালৰ এক অতি জটিল ৰোগত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ অভাৱতে ঘৰতে শৰ্য্যাগত হৈ থাকিব লগীয়া হয় । চিকিৎসাৰ বাবে প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰিবলৈকো হাতত ধন নথকাত কিছু লোকে সহায় কৰে । কিন্ত প্ৰয়োজনীয় পৰীক্ষা নিৰীক্ষা কৰোতেই হাতৰ সকলো ধন খৰচ হোৱাত প্ৰৱল আৰ্থিক সংকটৰ সন্মুখীন হয় পৰিয়ালটো ৷

আনহাতে, চিকিৎসকে অতি শীঘ্ৰে ফিজিঅ’ থেৰাপি কৰাবৰ বাবে পৰামৰ্শ দিয়ে যদিও পৰিয়ালটোৰ বাবে সেয়া অসম্ভৱ হৈ উঠে ৷ অৱশ্যে এই বিষয়ে জানিব পাৰি স্হানীয় বিজেপি নেতা দীপক শইকীয়াই বৰ্তমান শৰ্য্যাশায়ী ৰয়ৰ ফিজিঅ’ ঠেৰাপিৰ ব্যৱস্থা কৰি দিছে ৷ কিন্তু বৰ্তমানেও ৰয়ৰ চিকিৎসা আৰু প্ৰয়োজনীয় ঔষধ পাতি ক্ৰয়ৰ বাবে যথেষ্ঠ পৰিমানৰ ধনৰ প্ৰয়োজন ।সেয়ে এইক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা সহায় বিচাৰিছে ৰয়ৰ পত্নীয়ে ৷

Exit mobile version