গোৱালপাৰা জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ

1 image Coronavirus MERS CoV

কৰ’না মহামাৰীৰ সংক্ৰমনৰ প্ৰতিৰোধৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাতো প্ৰশাসনে জাৰি কৰিছিল সান্ধ্য আইন ৷জিলা প্ৰশাসনে জাৰি কৰা এই সান্ধ্য আইন আছিল প্ৰতিদিনে নিশা ৭ বজাৰ পৰা পুৱা ৭ বজালৈ ৷ কিন্তু গোৱালপাৰা চহৰত একাংশ লোকে প্ৰতিদিনে নিশাৰ ভাগত ভংগ কৰি আহিছে সান্ধ্য আইন ৷ ইয়াৰ মাজতো একাংশই পৰিধান নকৰে মাস্ক ৷

যাৰ ফলত এইসকল লোকৰ কাৰণে প্ৰশাসনে লৈছে কঠোৰ পদক্ষেপ । এইসকল লোকৰ ক্ষেত্ৰত উচিত ব্যৱস্থা ল’বলৈ প্ৰশাসনৰ অন্যান্য নেতাসকলৰ সৈতে শুক্ৰবাৰে নিশা ৮ বজাত হাতত লৈ ওলাই আহিল জিলা উপায়ুক্ত বৰ্ণালী ডেকা ৷ বৰষুণকো নেওচি সান্ধ্য আইন ভংগকাৰীসকলৰ বিৰুদ্ধে গোচৰ ৰজু কৰাৰ লগতে কিছুমানৰ পৰা জৰিমনাৰ আদায় কৰে।

উপায়ুক্ত বৰ্নালী ডেকাই কয় যে গোৱালপাৰাত ক’ভিড-১৯ৰ সংখ্যা নিয়ন্ত্ৰণত আছে সকলোৰে স্বাস্থ্যৰ যত্নৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ আৰু স্বাস্থ্য বিভাগে বান্ধি দিয়া নিয়ম আমি সকলোৱে পালন কৰিব লাগে ৷জৰুৰীকালীন সেৱাত ব্ৰতি থকাসকলৰ বাহিৰে আন যিবোৰ লোকে বিনা কাৰণত বাহিৰত ওলাই আহিছে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰজু কৰা হৈছে আৰু মাস্ক পৰিধান নকৰা সকলক পাঁচশ টকা জৰিমনা বিহা হৈছে ৷

Exit mobile version