চলিত শিক্ষাবৰ্ষক লৈ অনিশ্চয়তাত সদৌ অসম গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু আইন মহাবিদ্যালয় গোট

Gauhati University

কৰ’নাৰ কাৰণে প্ৰভাৱ পৰিছে শিক্ষা বৰ্ষটো ৷ আজি সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু আইন মহাবিদ্যালয় গোটৰ তৰফৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয় উপাচাৰ্যক এখন পত্ৰৰ জৰিয়তে কেইটামান বিষয় উত্থাপন কৰে ৷ ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হ’ব বুলি বিশ্ববিদ্যালয় অনুদান আয়োগে জাৰি কৰা জাননীৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ে কোনটো পদ্ধতিৰে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব সেই বিষয়ে ছাত্ৰ ছাত্ৰীসমূহৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি হৈছে ৷ এই ক্ষেত্ৰত সংশ্লিষ্ট বিভাগক অনতি পলমে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় গুৱাহাটী বিশ্ববিদ্যালয় গোটে ৷

আনহাতে পৰীক্ষাৰ মাচুল কৰ’না মহামাৰীৰ কাৰণে ৰেহাই দিবলৈ আহ্বান জনায়। ইফালে ৰাষ্ট্ৰীয় বা ৰাজ্যিক প্ৰতিযোগিতামূলক বা চাকৰিৰ বাবে আবেদন কৰাৰ ক্ষেত্ৰত যাতে ছাত্ৰ ছাত্ৰীৰ শিক্ষা বৰ্ষ লোকচান নহয় তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগে ৷ বিশ্ববিদ্যালয়ৰ সকলো পৰীক্ষাৰ লগতে আইনৰ পৰীক্ষাসমূহৰ ফলাফলো অনতি পলমে ঘোষণা কৰিব লাগে, কৰ’নাৰ ভয়াৱহতা এতিয়াও প্ৰৱহমান সেয়ে বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰসমূহ চেনিটাইজাৰ কৰাৰ কাৰণে কৰ্তৃপক্ষক দাবী জনায় সদৌ অসম ছাত্ৰ সন্থাৰ গুৱাহাটী বিশ্ববিদ্যালয় গোট আৰু আইন মহাবিদ্যালয় গোটে ৷

Exit mobile version