বকোৰ গৌৰৱ নবীন ৰাভাই নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সৈতে তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছে ISL ইণ্ডিয়ান চুপাৰ লিগ খেলিবলৈ

WhatsApp Image 2020 07 11 at 3.11.03 PM

দূৰ্গা বড়ো, এলেন দেউৰী আৰু হলিচৰণ নাৰ্জাৰীৰ পাছতে আন এজন অসম সন্তানে খেলিব ISL ইণ্ডিয়ান চুপাৰ লিগ। বকোৰ গৌৰৱ নবীন ৰাভাই নৰ্থ ইষ্ট ইউনাইটেড এফচিত তিনি বছৰৰ বাবে চুক্তিবদ্ধ হৈছে ইণ্ডিয়ান চুপাৰ লিগ খেলিবলৈ। বকোৰ খাটাজুলি নিবাসী গজেন ৰাভা আৰু অহল্যা ৰাভাৰ পুত্ৰ নবীন ৰাভা। উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ দৰিদ্ৰ পৰিয়ালৰ নবীন ৰাভাই ২০০৭ত বন্দাপাৰা কামৰূপা ফুটবল কোচিং চেণ্টাৰত ৰঞ্জিত দাসৰ তত্বাৱধানত ফুটবল খেলৰ প্ৰশিক্ষণ লৈ ফুটবল জগতত জপিয়াই পৰে। দৃঢ় সংকল্পৰে নিজৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত নবীন ৰাভাই থমকি নৰ’ল ।

একাদিক্ৰমে ২০০৮ত অসম দলৰ হৈ খেলে নবীন ৰাভাই। ২০০৯ৰ পৰা ২০১৩চনলৈ ছাই হোষ্টেল (ট্ৰেইনিঙ স্পৰ্টচ অৰ্থৰিটি অব ইণ্ডিয়া)ত প্ৰশিক্ষণ লয়। প্ৰশিক্ষণ লৈ থকা অৱস্থাত২০১১/২০১২চনত ভাৰতীয় দলৰ হৈ খেলে । তাৰ পাছত ২০১৩/২০১৫ চনত শ্বিলং লাজঙ ফুটবল ক্লাৱত যোগদান কৰে । ২০১৫ৰ পৰা২০১৭ চনলৈ অইল ইণ্ডিয়া দুলিয়াজানত দুইবছৰৰ বাবে চুক্তিবদ্ধ হয়। ২০১৭ত গুৱাহাটী এজি অফিচ জইন কৰে। তাৰ পাছত ২০১৮ত  হাইদৰাবাদ এফচি ক্লাৱ জইন কৰি চেকেণ্ড ডিবিজন আইলিগ খেলে । ২০১৮/১৯ত পুনৰ শ্বিলং লাজং ক্লাৱত এবছৰৰ বাবে যোগদান কৰিছিল ।

২০১৯/২০২০ত কতো যোগদান নকৰাকৈ থাকি এইবাৰ ২০২০/২০২১, ২০২১/২০২২, ২০২২/২০২৩লৈ তিনি বছৰৰ বাবে নৰ্থ ইষ্ট ইউনাইটেড এফচিত চুক্তিবদ্ধ হৈছে তিনিবছৰৰ বাবে ISL খেলিবলৈ। ইতিমধ্যে বকোৰ গৌৰৱ খেলুৱৈগৰাকীক বৃহত্তৰ বকো অঞ্চলৰ বিভিন্ন দল সংগঠনে সম্বৰ্দ্ধনা জনাইছে । বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ নিৰ্দেশত বকো ব্লক কংগ্ৰেছৰ সভাপতি অৰবিন্দ ৰাভা, বকো ব্লক মহিলা সমিতিৰ সভানেত্ৰী খনা দাস, সা:সম্পাদিকা মীৰা খাখলাৰীসহ এটা সঁজাতী দলে নবীন ৰাভাক নিজৰ বাসভৱনত শৰাই আৰু গামোছাৰে সম্বৰ্দ্ধনা জনোৱাৰ লগতে ভৱিষ্যত উজ্বল কামনা কৰে।

Exit mobile version