ভাৰতক প্ৰশংসা বিশ্ব স্বাস্থ্য সংস্থাৰ

D.Fidler CoV WHO 4.10.20 RTS38CB9 THREE TWO

বিশ্ব স্বাস্থ্যৰ সংস্থাৰ প্ৰধান ট্ৰেড্ৰ’চ গ্ৰাবিয়েচাছে কয় যে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰা সম্ভৱ । ট্ৰেড্ৰচে ইটালী, স্পেইন, দক্ষিণ কোৰিয়া আৰু মুম্বাইৰ বিভিন্ন স্থানৰ উদাহৰণ দি কয় যে এই স্থানসমূহৰ পৰিস্থিতি অত্যন্ত বেয়া আছিল ৷ কিন্তু কাৰ্যকৰী ব্যৱস্থা লোৱাৰ পৰিপেক্ষিতত সম্প্ৰতি এই স্থানসমূহ স্বাভাৱিক অৱস্থালৈ গঢ়ি উঠিছে  ৷ আনহাতে মাত্ৰ আঢ়ৈ বৰ্গ কিলোমিটাৰ অঞ্চলক আগুৰি থকা মুম্বাই ধাৰাবী বস্তিত ৯ লক্ষাধিক লোকে বাস কৰে ৷ মানুহেৰে ভৰি থকা অঞ্চলটোত গণসংক্ৰমণ হৈছিল জুনৰ প্ৰথমাৱস্থাত ৷ ইয়াৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰ আৰু বুম্বাই মিউনিচিপাল কৰ্প’ৰেচনে কঠোৰভাৱে বস্তিটোত তলাবন্ধ দিয়ে ৷ লগতে মোবাইল ভান প্ৰেৰণ কৰি বস্তিটোত কৰ’নাৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ ইয়াৰ কাৰণে কৰ’নাক প্ৰতিৰোধৰ ক্ষেত্ৰত উদাহৰণ হৈছে মুম্বাইৰ ধাৰবী বস্তি ৷

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে সামাজিক সংক্ৰমণ, পৰীক্ষা, আইছ’লেছনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিলে কৰ’নাৰ শিকলি ডাল চিঙিব পাৰি লগতে সামাজিক সংক্ৰমণ ৰোধ কৰিব পাৰিব ৷ প্ৰত্যেকখন দেশৰ কিছুমান নীতি নিয়ম আছে ৷ সম্প্ৰতি তলাবন্ধ উঠাই দিয়া দেশসমূহত সংক্ৰমণ বৃদ্ধি হৈছে ৷ দ্বিতীয়তে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন প্ৰ’গেমৰ মুখ্য ডা° মাইক ৰেয়ানে কয় যে সাম্প্ৰতিক পৰিস্থিতিত কৰ’না ভাইৰাছ সম্পূৰ্ণৰূপে শেষ কৰা সাধাৰণ কথা নহয় ৷ ২০১৯ ৰ ডিচেম্বৰৰ পৰা ১৯৬ খন দেশত সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছত এতিয়ালৈকে প্ৰায় ১ কোটি লোক আক্ৰান্ত হৈছে ৷ লগতে মৃত্যু হৈছে ৫.৫৯ লাখ ৷ আনহাতে ভাৰতত ৮.২১ লাখ লোক কৰ’নাত আক্ৰান্ত হৈছে  ৷ আৰু ২২ হেজাৰ লোকৰ মৃত্যু হৈছে ৷

Exit mobile version