- ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ১৫ হাজাৰৰো লোক ৷
- কৰ’নাত আক্ৰান্ত হৈ আৰোগ্যৰ হাৰ ৬৩.৩৯ শতাংশ ৷
- আৰোগ্যৰ দিশত অসম আছে চতুৰ্থ স্থানত।
- অসমত সৰ্বাধিক কৰ’নাত পৰীক্ষা হৈছে ৪ জুলাইত ৷
- লগতে অসমত ১০০ জনৰ যদি কৰ’না পৰীক্ষা কৰা হয় তেন্তে তাৰ ভিতৰত ৩ জনৰ কৰ’না ৰিজাল্ট পজিটিভ হৈছে ৷
- অনতি পলমে ডনবক্স আৰু NLIP ক’ভিড-১৯ কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰিত কৰা হ’ব ৷
- আনহাতে মহানগৰীত অব্যাহত থকা তলাবন্ধৰ ম্যাদ এসপ্তাহলৈ বৃদ্ধি কৰাৰ বাবে স্বাস্থ্য বিভাগে অসম চৰকাৰক প্ৰস্তাৱ দিছে।
- আনহাতে অনাগত এসপ্তাহৰ ভিতৰত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিব বুলি আশা কৰিছে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷