ৰাজ্যৰ তৃতীয়জন বিধায়কৰ দেহত কৰ’না পজিটিভ

balin chetia

কৰ’না ভাইৰাছত আক্ৰান্তৰ হৈছে ৰাজ্যৰ আৰু এজন বিধায়ক । পূৰ্বতে দুজনকৈ বিধায়কৰ দেহত কৰ’না উপস্থিতি ধৰা পৰাৰ পাছত এইবাৰ ১২৬ নম্বৰ শদিয়া বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক বলীন চেতিয়াৰ দেহত পোৱা গৈছে কৰ’না পজিটিভ । জিলা স্বাস্থ্য বিভাগে তেওঁক তিনিচুকীয়া অসামৰিক হস্পাতালত ভৰ্তি কৰোৱাৰ লগতে চেতিয়াৰ পৰিয়াল আৰু সংস্পৰ্শলৈ অহা সকলো লোককে কৰা হৈছে স্বাৱ টেষ্ট।

Exit mobile version