মণ্ডপ এটা,দৰা এজন,কইনা দুগৰাকীঃমধ্যপ্ৰদেশত অভিনৱ বিবাহ

marry

প্ৰেম হেনো সকলোৰে জীৱনলৈ আহে কিন্তু এই ক্ষেত্ৰত ভাগ্য দেৱী অধিক সুপ্ৰসন্ন হোৱা দেখিবলৈ পোৱা যায় ৷এনে লোকসকলৰ ভিতৰত মধ্যপ্ৰদেশৰ এজন যুৱকৰ প্ৰসংগ শেহতীয়াকৈ সংবাদ মাধ্যমলৈ আহিছে ৷ যুৱকজনৰ নাম ।সন্দীপ উইক ৷এই সন্দীপৰ প্ৰতি ভাগ্যদেৱী কিছু অধিক সুপ্ৰসন্ন ৷

ADVERTISEMENT

সমগ্ৰ কাহিনীটোৰ বিষয়ে জ্ঞাত হোৱাৰ পাছত প্ৰায় সকলোৱেই এই দিশটোক অস্বীকাৰ কৰা নাই। সৌভাগ্যৱান সন্দীপে একেটা বিবাহ মণ্ডপতে দুগৰাকীকৈ কইনাক অগ্নিক সাক্ষী কৰি বৰমালা পিন্ধোৱাৰ লগতে জীৱন সংগী কৰি লয় ৷বিয়াখন সম্পন্ন হয় যোৱা বুধবাৰে৷দৰা কইনাই সন্মতি দিয়াৰ পাছত তিনিওটা পৰিয়ালেও বিয়াখনৰ কোনো বিৰোধিতা নকৰিলে ৷সন্দীপে পিতৃ মাতৃৰ পছন্দৰ কইনাৰ লগতে নিজৰ পছন্দৰ প্ৰেমিকাক একে মণ্ডপতে জীৱন সংগী কৰি লোৱা বিয়াখনৰ লক্ষণীয়ভাৱে সমাজেও বিৰোধিতা নকৰিলে ৷ অভিনৱ এই বিয়াখন হাঁহি স্ফূৰ্তিৰ মাজেৰেই সম্পূৰ্ণ হয় ৷

পিতৃ মাতৃয়ে পছন্দ কৰা কইনা আৰু নিজে পছন্দ কৰা প্ৰেমিকাৰূপী কইনাক লৈ স্বাভাৱিকতে প্ৰথম অৱস্থাত কিছু মতবিৰোধ হৈছিল,কিন্তু একেটা মণ্ডপতে একেজন দৰাই দুগৰাকীকৈ কইনাৰে বিয়া সম্পন্ন কৰাটো নিশ্চিতভাৱে সম্ভৱ নাছিল ৷ দেশত প্ৰচলিত নীতি ব্যৱস্থাই এই ক্ষেত্ৰত অনুমতি প্ৰদান নকৰে ৷এই বিষয়টোক লৈ সন্দীপৰ পৰিয়াল কাষ চাপে পঞ্চায়তৰ ৷পঞ্চায়ত প্ৰধানৰ মতে যদি দুই কন্যাৰ এই বিয়াত সহমত আছে তেন্তে বিয়াখন হ’ব পাৰে ৷

এনে ক্ষেত্ৰত সন্দীপে পত্নীৰ মৰ্যাদা দিব লাগিব। পঞ্চায়তৰ এই সিদ্ধান্তত তিনিওটা পৰিয়ালে সন্মতি দিয়াত অপেক্ষা কৰিছিল মাত্ৰ সেই নিদিষ্ট দিনটোলৈ ৷অৱশ্যে বিয়াখনৰ সফল পৰিসমাপ্তিৰ এতিয়াও বাধা হৈছে আৰক্ষীৰ ৷আইন উলংঘা কৰি দুগৰাকীকৈ কন্যাক বিয়া সম্পন্ন কৰাৰ লগতে কৰ’নাৰ সংক্ৰান্তত থকা বাধা নিষেধকো অমান্য কৰা হয় বিয়াখনত ৷বিয়াৰ পূৰ্বে কোনো ধৰণৰ প্ৰশাসনৰ অনুমতি নলৈছিল পৰিয়াল কেইটাই ।

এই আটাইকেইটা বিষয়তে তদন্তত নামিছে আৰক্ষী। উল্লেখযোগ্য যে মধ্যপ্ৰদেশৰ বেতুলৰ যুৱক সন্দীপে ভূপাললৈ গৈছিল পঢ়িবলৈ যাওঁতে হোচাংগাবাদত এগৰাকী যুৱতীক লগ পায় ৷ দুয়োজনৰ কিছুদিনৰ বন্ধুত্বই প্ৰেমৰ সম্পৰ্ক লয় ।ইফালে পিতৃ মাতৃয়ে সন্দীপৰ কাৰণে পছন্দ কৰিছিল স্থানীয় কইলাৰি গাঁৱৰ এগৰাকী যুৱতীক ৷দুয়োগৰাকী যুৱতীক লৈ সন্দীপৰ পিতৃ মাতৃৰ সৈতে সংঘাতৰো সৃষ্টি হয় ৷কিন্তু ভাগ্যদেৱীয়ে ঠিক কৰিছিল পৃথক কাহিনী ৷সেইমতে সম্পন্ন হ’ল বিয়াখন ৷অৱশ্যে আৰক্ষীৰ সমস্যা সমাধান এতিয়াও বাকী ৷ভৱিষ্যতেহে নিৰ্ণয় কৰিব সন্দীপৰ জীৱনৰ গতি ৷

Exit mobile version