কৰ’নাৰ প্ৰকোপ বৃদ্ধি, সম্পূৰ্ণ তলাবন্ধ একমাত্ৰ সহজ উপায়ঃ বিশ্ব স্বাস্থ্য সংস্থা

D.Fidler CoV WHO 4.10.20 RTS38CB9 THREE TWO

কৰ’না ভাইৰাছৰ প্ৰকোপ বৃদ্ধি ৰোধৰ সম্পূৰ্ণ তলাবন্ধই একমাত্ৰ সম্ভাব্য উপায় বুলি মত প্ৰকাশ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ সংস্থাটোৰ শীৰ্ষ বিষয়াই কয় যে সকলোবোৰ দেশত তলাবন্ধ শিথিলৰ পিছতে কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাত বিশ্বজুৰি অধিক তলাবন্ধ সম্ভৱপৰ ৷ সংস্থাটোৰ বিষয়া ডা° মাইকেল ৰায়ানে এক সংবাদমেলত এই কথা সদৰী কৰে ৷ অদূৰ ভৱিষ্যতে সম্পূৰ্ণ তলাবন্ধৰ পৰিস্থিতি হ’ব পাৰে বুলি ৰায়ানে কয়। ইয়াৰে পূৰ্বে হুৰ সঞ্চালক প্ৰধান ডা° টেড্ৰছ আধানম গেব্ৰিয়েছাছে পূৰ্বতে কৈছিল যে এই ভাইৰাছক নিয়ন্ত্ৰণধীন কৰিব পৰা যাব ৷ কিন্তু ইয়াৰ প্ৰকোপ বৃদ্ধিয়ে প্ৰকট কৰিছে যে এই ভাইৰাছ নিয়ন্ত্ৰণৰ বাহিৰত ৷ দিনে দিনে শোচনীয় ৰূপ লৈছে । তথ্য অনুসৰি বিশ্ব জুৰি ছয় সপ্তাহত কৰ’নাত আক্ৰান্তৰ সংখ্যা দুগুণ হৈছে ৷

ইপিনে ৰায়ানে কয় “সাম্প্ৰতিক পৰিস্থিতিত আমি এই ভাইৰাছৰ বিনাশ অথবা মোচন কৰাটো সম্ভৱপৰ নহয় ।” ভৱিষ্যতে অধিক ভয়াৱহ বুলি তেওঁ কয় ৷তেওঁ উদ্বেগ প্ৰকাশ কৰে যে বৃহৎসংখ্যক লোক সমবেত হোৱা অনুষ্ঠানত ই ভয়াৱহ ৰূপ ল’ব পাৰে ৷ এই ভাইৰাছৰ বনজুইৰ দৰে বিয়পাৰ পূৰ্বে সৰু পৰিসৰত জ্বলন্ত অৱস্থাতে ইয়াক বিনাশৰ বাবে প্ৰতিখন দেশে ব্যৱস্থা ল’ব লাগে বুলি ৰায়ানে কয় ৷ ইতিমধ্যে হুৱে প্ৰকাশ কৰিছে যে কৰ’না ভাইৰাছ বতাহৰ কণাতে বিয়পিব পাৰে । ই বতাহত কে’বা ফুট ওপৰলৈ ভাহিব পাৰে ৷

Exit mobile version