‘ছুপাৰ স্প্ৰেডাৰ’ক চিনাক্ত কৰি কৰ’না প্ৰতিৰোধী যুঁজত কেৰেলা চৰকাৰ

dc Cover oqbf463c6if3go7045n7skcdk4 20200709131801.Medi

কেৰেলাত কৰ’না আক্ৰান্তৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হ’লেও নতুনকৈ আক্ৰান্তৰ সংখ্যা শূণ্যলৈ নামি অহা নাই । উল্লেখ্য যে, ৰাজ্যখনৰ উপকুলৱৰ্তী পুন্থুৰায় নামৰ গাৱঁখনত বহুকেইজন লোক কৰ’নাত আক্ৰান্ত হৈছে । শেহতীয়াকৈ গাওঁ খনৰ এজনৰ পাছত আনজন লোক কৰ’নাত আক্ৰান্ত হ’বলৈ লোৱাত ৰাজ্য প্ৰশাসন চিন্তিত হৈ পৰিছিল । কৰ’না আক্ৰান্তসকলক বিচাৰি উলিয়াবলৈ আৰক্ষীৰ কমাণ্ডো বাহিনীৰ ১৫জনীয়া এটা দলে গাঁওখনৰ ওপৰত সতৰ্কতামূলকভাৱে চকু ৰখাৰ লগতে মাইকযোগে পথে পথে ঘোষণা কৰি স্থানীয় জনসাধাৰণক কৰ’না আক্ৰান্তক চিনাক্ত কৰাত সহযোগ বিচাৰি আহ্বানো জনাইছে । তলাবন্ধ অমান্য কৰাসকলক এম্বুলেন্সযোগে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ তৎপৰ হৈ আছে কমাণ্ডো বাহিনী ।

কেৰেলা চৰকাৰৰ কৰ’না প্ৰতিৰোধী দলৰ সদস্য চিকিৎসক ডাঃ মহম্মদ আচিলে জনোৱা অনুসৰি ৰাজ্যৰ স্বাস্থ্য বিভাগে সম্প্ৰতি ‘ছুপাৰ স্প্ৰেডাৰ’ সকলক চিনাক্ত কৰাত অগ্ৰসৰ হৈছে । অন্ততঃ ছজনৰ শৰীৰলৈ কৰ’না ভাইৰাছ বিয়পোৱা ক’ভিড-১৯ পজিটিভসকলক ছুপাৰ স্প্ৰেডাৰ হিচাপে নামাকৰণ কৰি গাঁওখনত কমাণ্ডো বাহিনীয়ে স্বাস্থ্য বিভাগৰে মিলি এই তৎপৰতা আৰম্ভ কৰিছে । কৰ’না ভাইৰাছৰ এনে বাহক সকলক আয়ত্তলৈ আনিব পাৰিলে পুন্থুৰায় নামৰ গাঁওখনত আক্ৰান্তৰ বৰ্ধিত সংখ্যকে বাধা দিব পাৰিব বুলিও স্বাস্থ্য বিভাগ নিশ্চিত হৈছে । ডাঃ আচিলে জনোৱা অনুসৰি গাঁওখনৰ মৎস্যজীৱী লোকসকলে সাধাৰণতে ওচৰৰ বহুকেইখন গাঁৱৰ লোকৰ সংস্পৰ্শলৈ আহে । তদুপৰি সাগৰলৈ মাছ মাৰিবলৈ যোৱাৰ সময়তো গাঁও খনৰ লোকসকলে দল বান্ধি যায় । ফলত সহজতে কৰ’নাত আক্ৰান্ত হ’বলৈ লৈছে গাঁওবাসী ।

Exit mobile version