মুম্বাইৰ ৰাজপথত কৰ’না প্ৰতিৰোধী যুঁজত এখন বিশেষ অট’

07ae389eedb4b191e318a5e4126a0e8c

সদ্যহতে দেখি অহা অট’ৰিক্সাতকৈ কিছু পৃথক এখন অট’ৰিক্সা । অট’ৰিক্সা খনত উঠিয়েই আপুনি কিছু পৃথক অনুভৱ কৰিব । এই বিশেষ অট’খনত আছে আপোনাক চমকিত কৰিব পৰাকৈ হাত ধুব পৰা এখন সৰু বেচিন । যাত্ৰীয়ে আসনৰ সন্মুখতে লাভ কৰিব হেণ্ড ছেনিটাইজাৰ । অট’ত বহাৰ পাছতে ইচ্ছা অনুসৰি ব্যৱহাৰ কৰিব পাৰিব ৱাই-ফাই সেৱা । সাধাৰণতে ৰাজপথত চলি থকা অট’সমূহত নথকা বহু সুবিধা মুম্বাইৰ ৰাজপথত চলা এই অট’খনত লাভ কৰিব যাত্ৰীয়ে । এই বিশেষ অট’খনৰ ভিডিঅ’ সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

ভিডিঅ’টো প্রত্যক্ষ কৰা সকলে ‘চালাম’ জনাইছে অট’চালক জনক আনকি এই ভিডিঅ’টোৱে মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাকো দৃষ্টি আকৰ্ষণ কৰে । অট’চালক জনে নিজৰ অট’খন পৰিস্থিতি অনুযায়ী সজাই লৈছে । কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অট’চালক জনৰ এই প্ৰচেষ্টাক সকলোৱে শলাগ লৈছে । অট’চালক জনে নিজে কৰ’না সংক্ৰমণৰ পৰা সুৰক্ষিত হৈ থকাৰ লগতে আনকো সুৰক্ষিত ৰখাৰ চেষ্টা কৰিছে ।

পৰিষ্কাৰ-পৰিচ্ছন্ন অট’খনৰ মজিয়াত পৰা আছে সেউজীয়া ৰঙৰ কাৰ্পেট, পাছৰ দিশৰ সোঁফালে আছে সৰু ফুলৰ গামলা, পাছৰ আসনৰ বিপৰীতে আছে বেচিনটো, বেচিনৰ লগতে আছে সৰু আইনা আৰু হাত ধুব পৰাকৈ লিকুইড চাবোন, কাষত আছে দুটা ডাষ্টবিন, এটাত শুকান আৰু আনটোত তিতা সামগ্ৰী পেলাব পৰাকৈ ।

ইয়াৰ লগতে ৱাই-ফাইৰ লগতে ফোন চার্জৰ ব্যৱস্থা, ব্লু টুথ, ম’বাইল সংযোগী টিভি, যাত্ৰীৰ বাবে পানী আৰু ফেনৰ ব্যৱস্থা । মুম্বাই পৌৰ নিগমে জাৰি কৰা নিৰ্দেশনাও যাত্ৰীৰ চকুত পৰাকৈ ৰখা হৈছে অট’খনত । তদুপৰি প্ৰবীণ যাত্ৰী সকলৰ লগতে নৱ বিবাহিতা দম্পতীক এক কিলোমিটাৰ ভাড়া অবিহনে যাত্ৰাৰ সুযোগ দিয়া হৈছে । ছ’চিয়েল মিডিয়াত এই অট’চালক জন আৰু তেওঁৰ অট’খন বিশেষ ভাৱে চৰ্চিত হৈছে ।

Exit mobile version