অসমৰ প্ৰথম স্বচ্ছ গাঁও খন পানীৰ তলত

WhatsApp Image 2020 07 14 at 7.45.17 PM

সমগ্ৰ অসম এতিয়া বানৰ কবলত ৷ কিন্তু ইয়াৰ মাজতে বজালীৰ পহুমৰা নদী এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি প্ৰশংসা কৰা অসমৰ প্ৰথম স্বচ্ছ গাঁও বেলনা এতিয়া পানীৰ তলত ৷ পহুমৰাৰ পৰা ঢলে এতিয়া বুৰাই পেলাইছে গাঁও খন ৷ সম্প্ৰতি গাঁওখনত স্বচ্ছতাৰ ফলকবোৰ ঠিকেই লগোৱা আছে যদিও মানুহৰ ঘৰৰ দমকল, স্নানাগাৰ আৰু শৌচগাৰ পানীৰ তলত থাকি এক কদৰ্যময় পৰিবেশ । প্লাষ্টিক বৰ্জন কৰি অসমত আদৰ্শ প্ৰথমখন স্বচ্চ গাঁও বেলনা আজি জলবন্দী ৷

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিগত বৰ্ষত অসমৰ প্ৰথমখন স্বচ্ছ গাঁওৰূপে বেলনা গাঁও খনক ঘোষণা কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই গাঁও খনক প্ৰশংসাৰে উপচাই পেলাইছিল ৷ কিন্তু সম্প্ৰতি বানপানীয়ে নমাই আনিছে দুৰ্ভোগ ৷ আৰু প্ৰধানমন্ত্ৰী টুইট তথা প্ৰশংসা সম্প্ৰতি ফুটুকাৰ ফেনত পৰিণত হৈছে ।

আনহাতে বজালী বিজেপিৰ সভাপতি নগেন চৌধুৰী গাঁও খনত উপস্থিত হয় আৰু এককাঁল পানীত নামি ৰাইজৰ খবৰ লয় আৰু গাঁওবাসীক তৎকালে উপযুক্ত সাহাৰ্য্য আৰু সমস্যা দূৰ কৰিবলৈ বৰপেটা জিলা উপায়ুক্তক যোগাযোগ কৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷

Exit mobile version