অসম আৰক্ষীত কৰ’নাত আক্ৰান্ত ৫৫৪ জনলৈ বৃদ্ধি

123597 coronavirus 2

অসম আৰক্ষীত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫৫৪ জনলৈ বৃদ্ধি পালে ৷ শীৰ্ষ বিষয়াসহ কে’বাখনো জিলাৰ আৰক্ষী থানাৰ বিষয়া জোৱানৰ দেহত কৰ’না ভাইৰাছৰ সংক্ৰমণ দ্ৰুতহাৰত বৃদ্ধি পাবলৈ ধৰা ঘটনাই গৃহ বিভাগক চিন্তিত কৰি তুলিছে ৷ অসম আৰক্ষীৰ শীৰ্ষ সূত্ৰই সদৰী কৰা মতে এই পৰ্যন্ত মুঠ আক্ৰান্তৰ ভিতৰত ২১৭ জন ইতিমধ্যে সুস্থ হৈছে আৰু ইয়াৰে ১১ জনে পুনৰ কৰ্মক্ষেত্ৰত যোগদান কৰিছে ।

আক্ৰান্তসকলৰ ভিতৰত আছে ৰাজ্যিক সশস্ত্ৰ বাহিনী, জিলা কাৰ্য নিৰ্বাহক বাহিনী আৰু কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী আৰু দেহৰক্ষী জোৱান । উল্লেখযোগ্য যে সোমবাৰে দিনটোত পুনৰ ৩৭ জন বিষয়া জোৱান কৰ’নাত আক্ৰান্ত হৈছে।

Exit mobile version