আদৰ্শনীয় পদক্ষেপ : কৰ’নাৰ গণ সংক্ৰমণ ৰোধৰ লক্ষ্যৰে খেৰণিৰ কপিলী মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত চাফাই অভিযান

WhatsApp Image 2020 07 14 at 6.43.18 PM

ৰাজ্যত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধিক লৈ শংকিত ৰাজ্যবাসী । শেহতীয়াকৈ কৰ’না ভাইৰাছৰ গণ সংক্ৰমণক লৈ আৰু অধিক ভীতিগ্ৰস্ত হৈ পৰিছে সমগ্ৰ অসমবাসী। চহৰ-নগৰ অথবা গ্ৰামাঞ্চল সকলোতে সকলোৰে মনত কেৱল এতিয়া কৰ’না ভাইৰাছৰ গণ সংক্ৰমণ হোৱাৰ আশংকা । আৰু তেনে এক সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ কপিলী মহাবিদ্যালয়ত অস্থায়ীভাৱে স্থাপন কৰা কোৱাৰেন্টাইন কেন্দ্ৰত দেখিবলৈ পোৱা গল এক আদৰ্শনীয় দৃশ্য ।

উল্লেখযোগ্য যে কেন্দ্ৰটোত কোৱাৰেন্টাইন হৈ থকা প্ৰায় অৰ্ধ শতাধিকলোকে কৰ’নাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰটোৰ চৌহদত আজি এক চাফাই অভিযান ৰূপায়ন কৰা পৰিলক্ষিত হয়। কেন্দ্রটোত থকা লোকসকলে ৰাতিপুৱাৰে পৰা চৌহদৰ ভিতৰত থকা হাবি-বন কাটি পৰিষ্কাৰ কৰাৰ বিপৰীতে জাৱৰ-জোথৰ, পেলনীয়া সামগ্ৰী আদি জ্বলোৱাৰ লগতে চেনিটাইজ কৰি চৌহদটো বীজাণুমুক্ত কৰাৰ প্ৰয়াস কৰা দেখিবলৈ পোৱা যায় কেন্দ্ৰটোৰ লোকসকলক।

গুৰুত্বপূৰ্ণ যে উক্ত চাফাই অভিযান কাৰ্যসূচী সম্পন্ন কৰাৰ ক্ষেত্ৰত কেন্দ্রটোত পৰিচাৰকৰ দায়িত্বত থকা জন ৰংহাং, গাওঁৰক্ষী বাহিনী, অন্যান্য সহকৰ্মীৰ লগতে চিকিৎসা কৰ্মীবৃন্দই প্ৰত্যক্ষভাৱে কোৱাৰেন্টাইন হৈ থকা লোকসকলক উৎসাহ-উদ্দীপনা দিয়াৰ লগতে সহায় সহযোগীতা আগবঢ়োৱা পৰিলক্ষিত হয়। মন কৰিবলগীয়া যে কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি অথবা কৰ’না ভাইৰাছৰ গণ সংক্ৰমণে সমগ্ৰ অসমবাসীক ভীতিগ্ৰস্ত তথা আতংকিত কৰিলেও শেহতীয়াকৈ উক্ত কেন্দ্রটোৰ এইসকল লোকে গ্ৰহণ কৰা এনে প্ৰশংসনীয় আৰু আদৰ্শনীয় পদক্ষেপে ৰাজ্যবাসীৰ মাজত এক যোগাত্মক প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে কেন্দ্ৰটোৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় সচেতন ৰাইজে।

Exit mobile version