কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোনালী বাঘ, উৎকণ্ঠিত বিশ্বৰ প্ৰকৃতিপ্ৰেমী

CYMERA 20200714 183905

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোনালী বাঘৰ প্ৰসংগতো বিভিন্ন মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত বন বিষয়া প্ৰবীণ কাচোৱানে প্ৰকাশ কৰা মতে এইয়া ভাৰতত থকা একমাত্ৰ সোনালী বাঘ । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তঃভাগৰ ঘন অৰণ্যত এই বাঘৰ ফ’টো তুলিছিল ময়ুৰেশ হেন্দ্ৰে নামৰ ৱাইল্ড লাইফ ফটোগ্ৰাফাৰজনে ৷ আৰু এই সোনালী বাঘৰ দূৰ্লভ ছবিখন ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পিছত স্পষ্টীকৰণ দিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ।

ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ব্ৰাঘ্য প্ৰকল্পৰ বন্য প্ৰাণীৰ গৱেষক বিষয়া ৰবীন্দ্ৰ নাথ শৰ্মাই এক তথ্যত প্ৰকাশ কৰা মতে, জেনেটিক বৈষম্যৰ কাৰণেই বাঘৰ ছালৰ বৰণ এনেকুৱা হ’ব পাৰে । এয়া কোনো নতুন প্ৰজাতি নহয় । ৰাষ্ট্ৰীয় উদ্যানখনত ২০১৪ ত ব্ৰাঘ্য গণনাৰ বাবে স্থাপন কৰা স্বয়ংক্ৰিয় কেমেৰাত প্ৰথমবাৰ এই বাঘৰ উপস্থিতি ধৰা পৰিছিল । আৰু সেই সময়তে কেমেৰাত ধৰা দিয়া মাইকী বাঘজনীক কাজি ১০৬(এফ)হিচাপে চিহ্নিত কৰিছিল ।

গৱেষক বিষয়াগৰাকীৰ তথ্য মতে কাজিৰঙাত এনে ধৰণৰ ছালৰ বৰণ সলনি হোৱা আৰু তিনিটা বাঘৰ ফটোৰ লগতে তথ্য পোৱা গৈছে ৷ ২০১৫ৰ পৰা ২০১৭-১৮ ৰ ভিতৰত লাভ কৰা হৈছে আন তিনিটা সোনালী বাঘৰ তথ্য ৷ ইফালে উদ্যানত বৰ্তমান যথেষ্ট সংখ্যক মতা আৰু প্ৰায় মাইকী বাঘ থকাৰ পাছত বংশবৃদ্ধিৰ সম্ভৱনাৰ কথা নাকচ কৰিছে শৰ্মাই ৷ বিষয়া গৰাকীৰ মতে যদি হৈছে সেয়া ভাল কথা ৷ কিন্তু প্ৰকৃততে ঢেকীয়াপতীয়া বাঘৰ বিচৰণ ভূমি ইহঁতৰ সংখ্যাৰ বিপৰীতে সংকুচিত হোৱাৰ বাবেই এনে একপ্ৰকাৰ পৰিঘটনা সংঘটিত হোৱাটো এক উৎকণ্ঠাৰ বিষয় ৷

এয়া সাধাৰণতে চিৰিয়াখানাত দেখিবলৈ পোৱা বগা বাঘৰ দৰেই এক পৰিঘটনা বুলি উল্লেখ কৰে গৱেষক গৰাকীয়ে৷ সাধাৰণতে বাঘৰ শৰীৰত থকা জিনৰ প্ৰভাৱতে শৰীৰৰ বৰণ নিয়ন্ত্ৰিত হয় ৷ শৰীৰৰ হালধীয়া বৰণো এই জিনেই নিয়ন্ত্ৰণ কৰে ৷ কিন্তু কেতিয়াবা বাঘৰ শৰীৰত ইয়াৰ বৈষম্যৰ বাবেই সোণালী বৰণৰ লগতে বগাকে ধৰি আন বহু বৰণৰ সৃষ্টি হ’ব পাৰে ৷

বংশগতি বা স্বাভাৱিক আন যিয়েই কাৰণ নহওক, এতিয়া বানৰ সময়তো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোনালী বাঘৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰাৰ লগতে এক নতুন আশাৰো সৃষ্টি কৰিছে ৷ ইয়াৰ মাজতে আকৌ কাজিৰঙাৰ অন্যতম গৌৰৱ ঢেকীয়াপতীয়া বাঘৰ এনে জীন পৰিবৰ্তনে শংকিতও কৰি তুলিছে বহুজনক ৷ ইয়াৰ মাজতে প্ৰকৃতি প্ৰেমীৰ আশা, কাজিৰঙাৰ ব্ৰাঘ্য প্ৰকল্পৰ বাঘজাক জীয়াই থাকক স্ব-উদ্ভাষিত ৰূপত ৷

Exit mobile version