- আজি সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাই এমাহ অতিক্ৰম কৰিলে ৷ সম্প্ৰতি সুশান্তৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডেই প্ৰথমবাৰৰ কাৰণে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ অংকিতাই শেহতীয়াকৈ ইনষ্টাগ্ৰামত বগা ফুলৰ স’তে এগচি বন্তি জ্বলাই “ভগৱানৰ সন্তান” বুলি এটা প’ষ্ট শ্বেয়াৰ কৰিছে । আনহাতে দিল বেচাৰাত সুশান্তৰ স’তে অভিনয় কৰা সঞ্জনা সাংঘাইও এটি আৱেগিক প’ষ্ট শ্বেয়াৰ কৰে ৷
- কৰ’নাত আক্ৰান্ত হোৱা অমিতাভ বচ্চনৰ আজি চিকিৎসালয়ত তৃতীয় দিন ৷ সম্প্ৰতি অমিতাভ বচ্চনৰ লগতে পুত্ৰ অভিষেক সুস্থ বুলি জানিব পৰা গৈছে ৷ দুয়োজন সাতদিন চিকিৎসালয়ত থাকিব লাগিব ৷ আনহাতে বিগ বিৰ ঘৰত কৰ্মৰত লোকসকলৰ কৰ’নাৰ পৰীক্ষা নিগেটিভ আহিছে যদিও তেওঁলোকৰ এন্টীব’ডি টেষ্ট কৰা হ’ব ।
- বলীউডৰ চিৰসেউজ অভিনেত্ৰী ৰেখাৰ পিছত জ’য়া আখতাৰ আৰু সাৰা আলীখানৰ ঘৰতো পোৱা গৈছে কৰ’না ভাইৰাছ ৷ জ’য়া আখতাৰৰ বাসগৃহ কনটেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে ৷আনহাতে সাৰা আলী খানৰ গাড়ীচালকজন আক্ৰান্ত হৈছে ক’ভিড১৯ত ৷ অৱশ্যে সাৰাৰ লগতে সমগ্ৰ পৰিয়ালটো ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে।
- কৰ’না মহামাৰীৰ মাজতে সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক “তাৰক মেহতা কা উল্টা চচমা” নামৰ ধাৰাবাহিকখন ২২ জুলাইৰ পৰা সম্প্ৰচাৰ কৰা হ’ব ৷
- সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ প্ৰসংগত মুম্বাই পুলিছৰ হাতত এতিয়ালৈকে কোনো ধৰণৰ চাঞ্চল্যকৰ তথ্য হাতত পৰা নাই । তাৰ মাজতে অভিনেতাজনৰ ৰান্ধনীক প্ৰায় ৬ ঘন্টা সোধ পোচ কৰে মুম্বাইৰ আৰক্ষীয়ে।