দুৰ্দশাৰ সীমা নোহোৱা হৈছে বহিঃৰাজ্যত চিকিৎসা কৰি থকা ৰোগীসকলৰ

will lockdown extended in india

দেশব্যাপী অতিমাৰী কৰ’না ভাইৰাছৰ বিভীষিকা অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে দেশজুৰি বলবৎ কৰা দীঘলীয়া তলাবন্ধ, আন্তঃৰাজ্যিক বিমান সেৱা আৰু ৰেল সেৱা বাতিল কৰা আদি কৰ’নাজনিত বিভিন্ন সমস্যাৰ বাবে বহিঃ ৰাজ্যৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি তলাবন্ধৰ সময়ত স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰা অবিভক্ত নগাঁও আৰু শোণিতপুৰ জিলাৰ শতাধিক ৰোগীৰ আজি বিলৈ বিপত্তিৰ সীমা নোহোৱা হৈছে।

জিলা কেইখনৰ এই ৰোগী সকলে চেন্নাইৰ এপল’ হাস্পতাল, দিল্লীৰ এইমচৰ লগতে হায়দৰাবাদ, মুম্বাই আদিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আহিছিল। ৰোগীসকলৰ ভিতৰৰ একাংশ কৰ্কট ৰোগীও আছে । কৰ্কটৰোগী সকলৰ একাংশই কেম’থেৰাপী,ৰেডিয়েচন আদি সম্পূৰ্ণ কৰিব নোৱাৰিলে । তলাবন্ধৰ সময়তে তেওঁলোকৰ বহুতৰে ৰেডিয়েচন আৰু কেম’থেৰাপীৰ তাৰিখ নিৰ্ধাৰণ কৰা আছিল । ইতিমধ্যেই তেওঁলোকৰ সেই তাৰিখ উকলি গৈছে । যাৰ ফলত এই জটিল ৰোগত আক্ৰান্ত লোকসকলৰ ৰোগৰ জটিলতা পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ।

ইপিনে, বহু বৃক্কৰোগীৰ এই সময়ছোৱাতেই ডায়েলেচিছৰো তাৰিখ নিৰ্ধাৰণ কৰা আছিল যদিও তেওঁলোকেও সময়মতে ডায়েলেচিছ কৰিব নোৱাৰি চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে । বহিঃ ৰাজ্যৰ সংশ্লিষ্ট চিকিৎসালয়ত যাৱতীয় স্বাস্থ্য পৰীক্ষা সম্পাদন কৰোৱা একাংশ ৰোগীৰ এই সময়ছোৱাৰ ভিতৰতেই অস্ত্ৰোপচাৰৰ দিন ধাৰ্য কৰা আছিল বুলিও জানিব পৰা গৈছে । কিন্তু তেওঁলোকো অস্ত্ৰোপ্ৰচাৰৰ বাবে কৰ’নাৰ ভয়াৱহতাৰ বাবেই বহিঃ ৰাজ্যৰ চিকিৎসালয়লৈ যাবলৈ সক্ষম নহ’ল ।

আনহাতে বহু ৰোগীৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ দিনো কাহানিবাই উকলি যোৱা পৰিলক্ষিত হৈছে । স্মৰ্তব্য যে, ইয়াৰ ভিতৰত বহু অস্ত্ৰোপ্ৰচাৰৰ সম্পন্ন কৰা ৰোগীও আছে।অথচ এওঁলোকৰ অস্ত্ৰোপ্ৰচাৰৰ পাছৰ স্বাস্থ্য পৰীক্ষা অত্যন্ত জৰুৰী আছিল । বহিঃৰাজ্যৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা জটিল ৰোগত আক্ৰান্ত ৰোগীসকলে যোৱা মাৰ্চ মাহৰ মাজভাগৰপৰা পৰা এতিয়ালৈকে সংশ্লিষ্ট চিকিৎসালয়ৰ চিকিৎসকৰ কাষ চাপিবলৈ সক্ষম নোহোৱাত তেওঁলোকৰ দুৰ্দশাৰ সীমা নোহোৱা হৈছে । বহু ৰোগী মানসিক ভাৱে ভাগি পৰাও পৰিলক্ষিত হৈছে ।

ইপিনে, একাংশ ৰোগীয়ে ফোনযোগে,হোৱাটচআপ যোগে আৰু অন্য পদ্ধতিৰে সংশ্লিষ্ট চিকিৎসালয়ৰ বিভাগীয় চিকিৎসকৰ লগত যোগাযোগ স্থাপন কৰি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিছে যদিও ইয়াৰ জৰিয়তে বিশেষভাৱে উপকৃত হ’ব পৰা নাই । আন একাংশ ৰোগীয়ে চিকিৎসকৰ লগত যোগাযোগ স্থাপন কৰিবলৈকে সক্ষম হোৱা নাই বুলিও জানিব পৰা গৈছে । নগাঁও, হোজাই, মৰিগাঁও আৰু শোণিতপুৰ জিলাৰ বহিঃ ৰাজ্যৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা ৰোগীসকলে বিমান সেৱা আৰু ৰেল সেৱা আৰম্ভ কৰিলেও কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকাত দিল্লী, মুম্বাই, তামিলনাডুৰ, অন্ধ্ৰপ্ৰদেশৰ দৰে বহিঃৰাজ্য সমূহলৈ যাবলৈ সাহস গোটাব পৰা নাই ।

তাৰোপৰি, কৰ’না ভাইৰাছৰ সন্দৰ্ভত নিৰ্ধাৰণ কৰা স্বাস্থ্য বিধি অনুসৰি, বহিঃ ৰাজ্যলৈ কোনো লোক গ’লে প্ৰথমেই তেওঁ তাত কোৱাৰেন্টাইন হ’ব লাগিব, তাৰোপৰি ওভটি আহিও কোৱাৰেন্টাইন হ’ব লাগিব । আনকি গুৱাহাটীলৈ গৈ তাৰ পৰা ওভতি আহিও কোৱাৰেন্টাইন হ’ব লাগিব । এনেবোৰ পৰিস্থিতিৰ বাবেই বহিঃ ৰাজ্যৰ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰা জিলা কেইখনৰ শতাধিক ৰোগীয়ে যোৱা তিনি মাহ ধৰি প্ৰয়োজনীয় চিকিৎসা অবিহনে নিজৰ ঘৰতে থকা পৰিলক্ষিত হৈছে । সম্প্ৰতি ৰোগীৰ লগতে পৰিয়ালৰ লোকসকলকো চৰম দুঃচিন্তা আৰু দুৰ্ভাৱনাই আগুৰি ধৰিছে ৷

Exit mobile version