মছজিদলৈ ৰূপান্তৰিত ঐতিহাসিক হেগিয়া ছ’ফিয়া যাদুঘৰ

Hagia Sophia

ষষ্ঠ শতিকাৰ বিখ্যাত হেগিয়া ছ’ফিয়া যাদুঘৰক মছজিদলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছে তুৰস্ক চৰকাৰে ।তুৰস্কৰ ৰাষ্ট্ৰপতি ৰিচেপ টায়িপ’ এৰ্ড’গানৰ নিৰ্দেশত এই যাদুঘৰ এতিয়াৰে পৰা মছজিদলৈ ৰূপান্তৰিত হ’ল ।হেগিয়া ছ’ফিয়া এসময়ত তুৰ্কী সাম্ৰাজ্যৰ এটা উল্লেখনীয় মছজিদ আছিল । চৰকাৰৰ এই সিদ্ধান্তৰ ফলত সমগ্ৰ বিশ্বৰে খ্ৰীষ্টান সমাজ ক্ষুব্ধ হৈ পৰিছে । কাৰণ ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতি এই ঐতিহ্যবাহী স্থাপত্য এসময়ত বাজেন্টাইন সাম্ৰাজ্যৰ অধীনস্থ কেথিড্ৰেল আছিল ।

পাছত অট’মান তুৰ্কীসকলে কনষ্টান্টিনোপল দখল কৰাৰ পাছত তৎকালীন সম্ৰাট মেহমেদৰ নিৰ্দেশত পঞ্চদশ শতিকাৰ এই স্থাপত্যক মছজিদলৈ পৰিণত কৰা হয় । ১৯৩৪ত দেশখনত হোৱা বিপ্লৱৰ পাছত আধুনিক তুৰস্কৰ ৰূপকাৰ ধৰ্মনিৰপেক্ষ নেতা মুস্তাফা কামাল আতাতুৰ্কৰ আমোলত হেগিয়া ছ’ফিয়া স্থাপত্যক মছজিদৰ পৰিৱৰ্তে যাদুঘৰৰূপে স্বীকৃতি প্ৰদান কৰা হয় । ‘দ্য ইণ্ডিপেণ্ডেন্ট’ৰ প্ৰতিবেদন অনুসৰি তেতিয়াৰ পৰাই সমগ্ৰ তুৰস্কৰ গৰ্বৰ স’তে হেগিয়া ছ’ফিয়া যুক্ত হৈ পৰে ।

প্রতি বছৰে মুছলমান, খ্ৰীষ্টান উভয় ধৰ্মাৱলম্বী প্ৰায় ১৭ হেজাৰ লোকে এই যাদুঘৰ পৰিদৰ্শন কৰে । কিন্ত চৰকাৰৰ নিৰ্দেশত এই যাদুঘৰ এতিয়া ইছলাম ধৰ্মালম্বী সকলৰ উপাসনাস্থলীত পৰিগণিত হ’ব । বি বি চিৰ প্ৰতিবেদন অনুসৰি, চৰকাৰৰ সিদ্ধান্তৰ পাছত হেগিয়া ছ’ফিয়াত প্ৰথম নামাজ পাঠৰ বিষয়ে বিভিন্ন বাতৰি চেনেলত সম্প্ৰচাৰ কৰা হয় । আনকি স্থাপত্যৰ বাহিৰত বহু লোকে সমবেত হৈ ‘আল্লা -হু -আকবৰ’ ধ্বনি দিয়ে বুলিও স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই জনাইছে ।

Exit mobile version