১০ টাকৈও অধিক কোম্পানীয়ে গোচৰ তৰিলে ট্ৰাম্প চৰকাৰৰ বিৰুদ্ধেঃ কিন্তু কিয়?

donald trump 16

আমেৰিকাত ট্ৰাম্প প্ৰশাসনে পৰিবৰ্তন কৰা নতুন ভিজা নীতি বিৰুদ্ধে বিভিন্ন ৰাজ্যই ক্ষোভ প্ৰকাশ কৰিছে ৷ গুগুল, ফেচবুক, মাইক্ৰচফ্টৰ লগতে ১০ তাকৈ অধিক কোম্পানীয়ে সম্প্ৰতি ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ৷ লগতে কোম্পানীসমূহে এই ভিজানীতিক বেআইনী বুলি মত প্ৰকাশ কৰিছে । কোম্পানী তথা ৰাজ্যসমূহৰ মতে এই ভিজা নীতি বেআইনী আৰু আকস্মিক ৷ গতিকে ইয়াৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰিব লাগে ৷ এই নতুন ভিজা নীতিৰ ওপৰত ৬০ খনতকৈও অধিক বিশ্ববিদ্যালয়ে গোচৰ দাখিল কৰিছে ৷

২০১৮-১৯ শৈক্ষিক বৰ্ষত আমেৰিকাত ১০ লাখতকৈও অধিক বিদেশী ছাত্ৰ ছাত্ৰী আছিল  ৷ আনহাতে চলিত বৰ্ষত আমেৰিকাত ভাৰতৰ প্ৰায় ১,৯৪,৫৫৬ জন ছাত্ৰ ছাত্ৰী বিভিন্ন শিক্ষানুষ্ঠানসমূহত অধ্যয়ন কৰি আছে ৷ গতিকে নতুন ভিজা নীতিৰ পাকচক্ৰই প্ৰভাৱ পেলাব ভাৰতীয় ছাত্ৰ ছাত্ৰীক । ট্ৰাম্প প্ৰশাসনে ৬ জুলাইত নতুন ভিজা নীতি জাৰী কৰিছিল ইয়াত বিদেশী ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত শ্ৰেণীত উপস্থিত হৈ শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক কৰিছিল ।

নতুন ভিজা অনুসৰি যিসমূহ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীত গৈ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে, তেওঁলোকৰ ভিজা বাতিল কৰা হ’ব ৷ লগতে যিসমূহ ছাত্ৰ ছাত্ৰ ছাত্ৰীয়ে ঘৰত বহি অনলাইন শিক্ষা গ্ৰহণ কৰি আছে তেওঁলোকে আমেৰিকা এৰিব লাগিব । ট্ৰাম্প চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে সকলো ৰাজ্যৰ লগতে কোম্পানীসমূহে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

Exit mobile version