ছয়গাঁৱৰ শিংখাট-ডাকুৱাপাৰা পথৰ সমস্যাই জ্বলাকলা খুৱাইছে ৮ খন গাঁৱৰ ৰাইজক

IMG 20200715 165346

স্থানীয় বিধায়ক-পঞ্চায়ত প্ৰতিনিধিক পথ মেৰামতি কৰিবলৈ দাবী

কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ ১ নং বালাসিদ্ধি পশ্চিম বালাপাৰা গাঁৱৰ বৃহত্তৰ ৰাইজে এটা পথৰ বাবে আজি ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে । শিংখাটৰ পৰা ডাকুৱাপাৰালৈ যোৱা এই পথটো নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে বহুবাৰ আবেদন কৰিছিল যদিও আজিলৈ ফলপ্ৰসূ হোৱা নাই । পৰিতাপৰ বিষয় এই যে-গাওঁখনত এফালে বানপানী, আনফালে উক্ত পথটোত কলহী নদীৰ গৰাখহনীয়াই সন্ত্ৰাস সৃষ্টি কৰা পৰিলক্ষিত হৈছে । এই অঞ্চলৰ ৰাইজে দুয়োটা সমস্যাৰ বাবে বছৰ বছৰ নৰকযন্ত্ৰনা ভুগিব লগীয়া হৈছে । ২০১৭ বৰ্ষতে এম জি এনৰেগাৰ অধীনত পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল যদিও ৰহস্যজনকভাবে আজিকোপতি পথটো সম্পূৰ্ণ হৈ নুঠিল ।

যাৰ ফলশ্ৰুতিত এতিয়া দুৰ্ভোগ ভুগিছে এই অঞ্চলটোৰ বালাপাৰা, মিলনপুৰ, মেধিপাৰাকে ধৰি প্ৰায় ৮ খন গাঁৱৰ ৰাইজ । উল্লেখ্য যে-বিগত সময়ছোৱাত এই পথটোতে কে’বাগৰাকীও ব্যক্তি দুৰ্ঘটনাত পতিত হৈ গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এম্বুলেঞ্চ আদিৰ লগতে কোনো যান-বাহন চলাচল কৰিব নোৱাৰাৰ ফলত অসুখ-বিসুখ হ’লে ৰোগীক ঠেলা বা চাঙীত উঠাই চিকিৎসালয়লৈ নিব লগা পৰিস্থিতিৰ সৃষ্টি হয় । যাক লৈ এতিয়া অধিক ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । চৰকাৰৰ বিয়াগোম গড়কাপ্তানী বিভাগ, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ তথা পঞ্চায়ত প্ৰতিনিধক বাৰে বাৰে আবেদন-নিবেদন কৰি এতিয়া ভাগৰি পৰিছে স্থানীয় ৰাইজ । সেয়ে শীঘ্ৰে পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাইছে ৰাইজে ‌।

Exit mobile version