জোৱানৰ বলীদানক স্বীকৃতি নিদিলে চীনে

CHINA ARMY

ভাৰতৰ স’তে যোৱা ১৫ জুনত লাডাখৰ সীমান্তত সংঘটিত ৰক্তাক্ত সংঘৰ্ষত প্ৰাণ হেৰুওৱা চীনা সৈন্যক প্ৰাপ্য মৰ্যাদা দিবলৈ অস্বীকাৰ কৰিছে চীনে । এই জোৱানসকলৰ বলিদানক স্বীকৃতি নিদিলে বেইজিঙে । লাডাখ সীমান্তৰ গালৱান উপত্যকাত হোৱা সংঘৰ্ষত নিহত চীনা সেনাৰ পৰিয়ালবৰ্গকো আনকি মৃতকৰ সমাধি অনুষ্ঠান আৰু অন্ত্যোষ্টিক্ৰিয়া সম্পৰ্কীয় কোনো ধৰণৰ অনুষ্ঠান আয়োজন নকৰিবলৈ চীনা চৰকাৰে হেঁচা দিছে ।

ইয়াৰ বিপৰীতে ভাৰতে কোনো সংকোচ নকৰাকৈ মৃত সেনা বিষয়া জোৱানসকলৰ নাম ৰাজহুৱা কৰাৰ লগতে যথাযোগ্য মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিছে । ভাৰতে স্বীকাৰ কৰিছে যে কৰ্তব্যৰত অৱস্থাত ২০ জন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছে ৷ এইসকল ভাৰত চৰকাৰে তথা দেশবাসীয়ে নায়কৰ স্থান দিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুনৰ মাহেকীয়া “মন কী বাত” অনুষ্ঠানত ছহিদ সেনাসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে এইসমূহ পৰিয়ালৰ বলিদান উপাসনাৰ যোগ্য বুলি মন্তব্য কৰে ৷

ইয়াৰ বিপৰীতে ঘটনাৰ এমাহ পাছতো চীনে এতিয়াও সদৰী কৰা নাই কিমান সংখ্যক সেনা হতাহাত হ’ল। তথ্য অনুসৰি সংঘৰ্ষত প্ৰিয়জনক হেৰুওৱা শোকাহত চীনা পৰিয়ালবৰ্গৰ স’তে চীনা চৰকাৰে দুৰ্ব্যৱহাৰ কৰিছে ৷ চীন চৰকাৰে হতাহতৰ সংখ্যা মানি ল’বলৈ অস্বীকাৰ কৰাই নহয়, সৈনিকৰ সমাধি অন্ত্যোষ্টিক্ৰিয়াৰ আয়োজনো নাকচ কৰিছে । মাৰ্কিন চোৰাংচোৱাৰ তথ্য অনুসৰি চীনা চৰকাৰে নিজৰ গা বচাবলৈ এনে কৰিছে ।

উক্ত সংঘৰ্ষৰ ঘটনা প্ৰকৃতাৰ্থত ৱেইজিঙৰ তৰফৰ পৰা বৃহৎ ভুল আছিল সেই কথা ঢাকিবলৈ চীনে মৃত সৈনিকৰ বিষয়টো গ্ৰহণ কৰিবলৈ বিচৰা নাই । এই সমূহ তথা মাৰ্কিন সংবাদ মাধ্যমত চোৰাংচোৱাৰ উদ্ধৃতি দি বিস্তাৰিতভাৱে প্ৰকাশ পাইছে ৷ মাৰ্কিন চোৰাংচোৱাৰ মতে ১৫ জুনৰ সংঘৰ্ষত কমেও ৩৫ জন চীনা সৈন্যই প্ৰাণ হেৰুৱাইছে । এনে এক পৰিস্থিতিৰ মাজতে আৰম্ভ হৈছে ভাৰত আৰু চীনৰ মাজত বৈঠক ৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ চুশুলত ভাৰতৰ দিশত চতুৰ্থলানি লেফটেনেণ্ট জেনেৰেল পৰ্যায়ৰ বৈঠক মংগলবাৰে পুৱা ১১.৩০ বজাত আৰম্ভ হয় । এই বৈঠক পূৰ্ব নিৰ্ধাৰিত আছিল।

Exit mobile version