ডেৰমাহে বানত বুৰ গৈ আছে শালবাৰীৰ এখন গাঁও

SAVE 20200715 174318

প্ৰায় ডেৰমাহ ধৰি বাক্সাৰ শালবাৰীৰ খাৰিজা বিজনীৰ এখন গাঁও বানত সম্পূৰ্ণৰূপে ডুব গৈ থকাৰ পিছতো আজিলৈ কোনো এজন জনপ্ৰতিনিধিয়ে খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে বানাক্ৰান্তই ৷ খাৰিজা বিজনীৰ বাৰাপেটা চন্তাবাৰী ব্লক নামৰ গাঁওখনত নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হৈছিল কৃত্ৰিম বানৰ ৷ গাঁওখনত পানী ওলাই যাব পৰাকৈ কোনো বিজ্ঞানসন্মত পদ্ধতি নথকা বাবেই দীৰ্ঘদিন ধৰি বানৰ সৃষ্টি হৈ আছে গাঁওখনত ৷

যাৰ বাবে ডেৰমাহ ধৰি গাঁওখনৰ ৰাইজে জীয়াতু ভূগিবলগা হৈছে যদিও গাঁওখনত এইপর্যন্ত পদাৰ্পন কৰা নাই কোনো এজন জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষ ৷ ইফালে অস্বাস্থ্যকৰ পৰিৱেশ, যাতায়াতত ব্যাঘাত আৰু খাদ্যৰ নাটনিৰ বাবে সম্প্ৰতি গাঁওখনত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ উপায়হীন গাঁওবাসীয়ে সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ জৰিয়তে স্থানীয় জনপ্ৰতিনিধিক সহায় বিচাৰি জনাইছে কাতৰ আহ্বান৷

Exit mobile version