বনৰীয়া হাতীৰ সন্ত্ৰাস পশ্চিম কাৰ্বি আংলঙত

WhatsApp Image 2020 07 15 at 4.18.28 PM

ভঁৰালৰ ধান-সমবায়ৰ চাউল খায় তহিলং

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। একেদৰে পশ্চিম কাৰ্বি আংলঙৰ মেনমেজিতো অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস আৰু উপদ্ৰৱ। নিশা মেনমেজি বহুমুখী সমবায় সমিতিৰ চাউল খাই তহিলং কৰাৰ লগতে চৌহদৰ দেৱাল ভাঙি বিস্তৰ ক্ষতিসাধন কৰে অকলশৰীয়াকৈ অহা এটা বনৰীয়া হাতীয়ে। সমবায়খনৰ চাউল মজুত ৰখা গৃহৰ দুৱাৰ ভাঙি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ প্ৰায় ২-৩ বস্তা চাউল খোৱাৰ লগতে গচকী আৰু য’তে-ত’তে চটিয়াই বিনষ্ট কৰে খাদ্যৰ সন্ধানত উক্ত অঞ্চলটোত প্ৰৱেশ কৰা হাতীটোৱে ।

ইয়াৰ এমাহ পূৰ্বেই অনুৰূপ ঘটনা সংঘটিত হৈছিল এই সমবায়খনত। আনহাতে এই তাণ্ডৱৰ পাছতে গাওঁখনৰ সঞ্জয় টেৰাং নামৰ লোকজনৰ লগতে আন দুটাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে। আনকি ভঁৰালত মজুত ৰখা ধান, অন্যান্য খাদ্য সামগ্ৰী আদিও খায় তহিলং কৰে হাতীটোয়ে। অৱশ্যে শেহতীয়াকৈ ৰাইজৰ নিদ্ৰা হৰণ কৰি তাণ্ডৱ আৰু সন্ত্ৰাস সৃষ্টি কৰা হাতীটোক অঞ্চলটোৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় গাওঁখনৰ ৰাইজে।

Exit mobile version