বাক্সাৰ খাৰিজা বিজনীত পানীত পৰি মৃত্যু এজনৰ

VID 20200715 WA0020 0904

বাক্সা জিলাৰ শালবাৰীৰ লাবদাংগুৰি আৰক্ষী চকীৰ অন্তৰ্গত খাৰিজা বিজনীৰ বাৰাপেটা উন্নেকুৰী ব্লকত সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ মাছ মৰাৰ বাবে জাল পাতিবলৈ গৈ পানীত পৰি মৃত্যু হয় এজন লোকৰ ৷ মৃত্যু হোৱা লোকজনৰ নাম গুমাৰু সুত্ৰধৰ ৷ প্ৰাপ্ত তথ্য মতে, বিবাহসূত্ৰে লোকজনে স্থায়ীভাৱে বাস কৰিছিল উন্নেকুৰিৰ শহুৰেক স্বাধীন বড়োৰ ঘৰত ৷ মঙলবাৰে নিশা মাছ মৰাৰ বাবে পথাৰত জাল পাতিবলৈ গৈ উভতি নহাত হাহাকাৰ সৃষ্টি হয় পৰিয়ালৰ মাজত ৷

নিশাই স্থানীয় লোকৰ সহযোগত পৰিয়ালৰ লোকে বিচাৰ কৰে যদিও কোনো শুংসূত্ৰ নোপোৱাত আজি ৰাতিপুৱাৰে পৰা গাঁওবাসীয়ে পুনৰ বিচাৰ কৰাত পানীত পৰি থকা অৱস্থাত লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লাবদাংগুৰী আৰক্ষীৰ খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, মৃত্যু হোৱা গুমাৰু সূত্ৰধৰ পূৰ্বৰ পৰা মৃগী ৰোগত আক্ৰান্ত বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়াৰ লগতে পানীত জাল পাতিবলৈ গৈ মৃগী ৰোগতেই মৃত্যু হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷

Exit mobile version