মহানগৰীৰ অম্বিকাগিৰিত দুৰ্বৃত্তৰ তাণ্ডৱ

WhatsApp Image 2020 07 15 at 1.36.36 PM

তলাবন্ধৰ মাজতে মহানগৰীত বৃদ্ধি পাইছে দুৰ্বৃত্তৰ আতংক । মহানগৰীৰ অম্বিকাগিৰি নগৰত কিছু দিনৰ পৰা দুৰ্বৃত্তই চলাই আহিছে তাণ্ডৱ । অঞ্চলটোৰ আকাশী পথ, ধ্ৰুবজ্যোতি পথত একাধিক বাসিন্দাৰ দেৱালত দুৰ্বৃত্তই নানা অশ্লীল বাক্য লিখাৰ লগতে পথটোৰ বাসিন্দা সকলক দীৰ্ঘদিনৰ পৰা দি আহিছে মৃত্যুৰ ভাবূকি । আনকি পথটোৰ এঘৰৰ দুখনকৈ বাইক জ্বলাইয়ো দিছে দুবৃত্তই । ইতিমধ্যে পথটোৰ চি চি কেমাৰাত ধৰা পৰিছে পি পি ই কিট পিন্ধি অহা দুৰ্বৃত্তই দেৱালত লিখি থকা দৃশ্য । যাৰ ফলত অঞ্চলবাসী নিৰাপত্তাৰ ক্ষেত্ৰত হীনমন্যতাত ভোগা দেখা গৈছে ।

অঞ্চলটোৰ ধ্ৰুবজ্যোতি পথৰ এগৰাকী বাসিন্দা তথা বিশিষ্ট লেখিকা বকুলী বৈশ্যই অগ্ৰদূতক কয়, “আমাৰ পথৰ নামঘৰতো দুৰ্বৃত্তই অশ্লীল শব্দ দীৰ্ঘদিনৰ পৰা লিখি আহিছে । আনকি মোৰ ঘৰৰ দেৱালতো অশ্লীল শব্দ, “মুছলমান কৰ’নাৰ ব’ম”আদি বাক্য লিখিছে। আমাক মৃত্যুৰ ভাবুকি দিছে । প্ৰায়ে মোৰ চৌহদত কুকুৰৰ বিষ্ঠা পেলাই । বহুবাৰ মোৰ ভাৰতীয়াৰ ঘৰত চুৰি হ’ল।অনতিপলমে ইয়াৰ উচিত তদন্ত হব লাগে ।” আনহাতে অঞ্চলবাসীয়ে ৰাইজ মেল পাতি পহৰাৰ ব্যৱস্থা কৰিছে যদিও পৰিত্ৰাণ পোৱা নাই।

Exit mobile version