মহানগৰীৰ চূণচালিত বানৰ তাণ্ডৱ

Assam flood 5

সমগ্ৰ বিশ্বতে সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’নাৰ আতংকৰ মাজতে মহাবাহু ব্ৰহ্মপুত্ৰই কালৰূপ ধাৰণ কৰিছে । যাৰ ফলত মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈছে। বিশেষকৈ নুনমাটিৰ চূণচালি অঞ্চলটো ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে । তাৰ লগতে নৈপৰীয়া অঞ্চল টোৰ প্ৰায় ৫০ -৬০ ঘৰ বাসিন্দাই পথত আশ্ৰয় শিবিৰ পাতিব লগা হৈছে ।

 ইফালে অঞ্চলটোৰ বেছিভাগ মানুহে গাখীৰ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আহিছে । এতিয়া বানপানীয়ে সমগ্ৰ অঞ্চলটো বুৰাই পেলোৱাৰ ফলত গৰুৰ খাটালৰ পৰা গৰুবোৰ উলিয়াই পথত ৰাখিবলগা পৰিস্থিতিৰ সন্মূখীন হৈছে ।

অঞ্চলটোৰ এখন প্ৰকাণ্ড শ্মশানো সমূলি বানৰ কবলত। আনহাতে সমগ্ৰ অঞ্চলবাসী ঘাইকৈ যিহেতু কৃষিজীৱি, মানুহ আৰু জীৱ-জন্তু সকলোৰে মাজত তীব্ৰ খাদ্য সংকটে দেখা দিছে । বহুলোক অনাহাৰে পথত আশ্ৰয় লৈ আছে । সেয়ে অঞ্চলটোৰ বাসিন্দাসকলৰ লগতে একাংশ সচেতন লোকে তেঁওলোকক পাৰ্যমানে কিছু সহায়ৰ হাত আগবঢ়াবলৈ দাবী জনাইছে ।

Exit mobile version