কৰ’না সংকটৰ মাজতে ৰাম মন্দিৰৰ ভূমি পূজন

AYODHYA

ৰাম মন্দিৰক লৈ উচ্চতম ন্যায়ালয়ৰ ৰায়দান সাত মাহ উকলি গ’ল। কিন্তু এতিয়াও ৰাম মন্দিৰৰ কাম কাজ আৰম্ভ হোৱা নাই । ইয়াৰ মাজতে কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দিয়া তলাবন্ধই দেশৰ সকলো ক্ষেত্ৰতে ব্যাঘাত জন্মাইছে ৷ কাৰণ কৰ’না ভাইৰাছৰ কাৰণে দেশত এতিয়া উদ্বেগজনক পৰিস্থিতিয়ে দেখা দিছে ৷ অৱশ্যে ইয়াৰ মাজতেই কেন্দ্ৰীয় চৰকাৰে ৰাম মন্দিৰৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে ৷ সকলো স্বাস্থ্যসন্মত বিধি আগত ৰাখি, কেন্দ্ৰীয় চৰকাৰে ভূমি পূজনৰ আয়োজন কৰিছে ।

আগষ্টৰ প্ৰথম সপ্তাহতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰামজন্মভূমিত গৈ ভূমি পূজাত অংশ ল’ব বুলি জানিব পৰা গৈছে । শাওন মাহৰ ৩ আগষ্ট অথবা ৫ আগষ্টৰ পূৰ্ণিমাৰ তিথিতে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ৰাম মন্দিৰৰ ভূমি পূজা হ’ব । ভূমি পূজনত ৰামজন্মভূমিৰ অন্যতম ট্ৰাষ্টৰ সদস্য অমিত শ্বাহ, ৰাজনাথ সিং, যোগী আদিত্যনাথ উপস্থিত থকাৰ কথা আছে ৷ এই সন্দৰ্ভত ১৮ জুলাইত আলোচনাত বহিব ট্ৰাষ্টৰ সদস্যসকল। সেইদিনাই ভূমি পূজন কোন তাৰিখ কৰিব সেই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব।

Exit mobile version