চাবুৱাস্থিত পানীতোলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত দিনজয় সত্ৰৰ সমীপৰ পূৱ মৰিচা গাঁৱৰ প্ৰশান্ত গগৈ নামৰ লোকজনৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পৰাত সমগ্ৰ চাবুৱাতে চাঞ্চল্যৰ সৃষ্টি হৈছে । চাবুৱাৰ বায়ুসেনা স্থানত বিত্ত বিভাগৰ কৰ্মচাৰী প্ৰশান্ত গগৈয়ে তিনিচুকীয়াৰ এখন চিকিৎসালয়লৈ ডায়েৰিয়া সদৃশ ৰোগ চিকিৎসাৰ বাবে লেলাউতি পৰীক্ষা কৰোৱা হৈছিল । লোকজনৰ দেহত ক’ভিড-১৯ ধৰা পৰাত আজি স্বাস্থ্য বিভাগে গগৈক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।
ইতিমধ্যে লোকজনৰ পৰিয়ালৰ সদস্য সকলৰ পৰা লেলাউতি নমুনা সংগ্ৰহ কৰা হৈছে আৰু দুটা পৰিয়ালৰ গৃহ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। কোনো ভ্ৰমণ বৃত্তান্ত নথকা প্ৰশান্ত গগৈৰ দেহলৈ ক’ভিড-১৯ কিদৰে সংক্ৰমিত ঘটিল তাক লৈ সকলো মাজত আতংকৰ সৃষ্টি হোৱাৰ মাজতে ব্যাপক ভাৱে ডিব্ৰুগড় জিলাত গণ সংক্ৰমণ ঘটাৰ আশংকাই অধিক বুলি সন্দেহ কৰা হৈছে।