পথচাৰীৰ ক্ষোভ ঃ মাইলু-লামচাখাং সংযোগী বিধ্বস্ত পথক লৈ যমৰ যাতনা

WhatsApp Image 2020 07 17 at 5.26.08 PM

“বিজেপি চৰকাৰ একদম নিকাম্মা হ্যে”, এক তাচ্ছিল্যসূচক মন্তব্যৰে নিজৰ ক্ষোভ উজাৰিলে এজন পথচাৰীয়ে। কিন্তু ক’ত আৰু কিয় এই মন্তব্য কৰিলে পথচাৰীয়ে। উল্লেখযোগ্য যে পশ্চিম কাৰ্বি আংলঙৰ মাইলু-লামচাখাং সংযোগী বিধ্বস্ত পথক লৈ দৰাচলতে এনে মন্তব্য কৰি পথচাৰীয়ে নিজৰ ক্ষোভ উজাৰিছে। কাৰণ সুদীৰ্ঘ বছৰ ধৰি মাইলু-লামচাখাং সংযোগী পথৰ দুৰৱস্থাক লৈ যমৰ যাতনাত ভুগি আহিবলগীয়া হৈছে বৃহত্তৰ মাইলু-লামচাখাং বাসীয়ে। উক্ত গড়কাপ্তানী পথটোৰ অৱস্থা ইমানেই বেয়া তথা অবৰ্ণনীয় যে কৰ’বাত যদি পথাৰসদৃশ, আন কৰবাত আকৌ পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰীসদৃশ গাঁত থকাৰ ছবি সুলভ হৈ পৰিছে উল্লেখিত এই পথছোৱাত

। ইমানৰ পাছতো কিন্তু নাই কোনো পথ মেৰামতিৰ ব্যৱস্থা, নাই কোনো কাণসাৰ বিভাগীয় কৰ্তৃপক্ষ কিম্বা জনপ্ৰতিনিধিৰ। যাৰ ফলত পথৰ বিকল্প বিচাৰি নোপোৱা অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী, ব্যৱসায়ী, ৰোগী আৰু কৃষক ৰাইজে বিধ্বস্ত আৰু অতি শোচনীয় হৈ পৰা পথটোকে একমাত্ৰ পথ হিচাপে ব্যৱহাৰ কৰি বছৰৰ পিছত বছৰ ধৰি জীয়াতু ভুগি আহিবলগীয়া হৈছে। শেহতীয়াকৈ দুৰ্ভোগ ভোগা উপায়হীন ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি পথ মেৰামতিৰ কাম নিজেই কৰিবলগীয়া হৈছে। আৰু এনেবোৰ সমস্যাৰে জৰ্জৰিত হৈ অতিষ্ঠ হোৱা অঞ্চলবাসীয়ে ক্ষোভ আৰু ক্ৰোধেৰে মন্তব্য কৰে যে কোনো এখন চৰকাৰকে বিশ্বাস কৰিব নোৱাৰি। কি কংগ্ৰেছ, কি বিজেপি কেৱল নিৰ্বাচন আহিলেহে দলীয় প্ৰাৰ্থীয়ে ৰাইজক চিনি পায়। আৰু ডাঙৰ ডাঙৰ টোপেৰে নিজৰ স্বাৰ্থ সিদ্ধি আৰু সপোন পূৰণৰ স্বাৰ্থত ৰাইজৰ কাষ চাপে এওঁলোকে।

কিন্তু নিৰ্বাচন অতিক্ৰম আৰু গাদী দখল কৰাৰ পাছত নির্বাচিত হোৱা এই সকলে ৰাইজক পিঠি দিবলৈ ধৰে। কোন ৰাইজ, কি অভাৱ, কি সমস্যা, কি দুৰ্ভোগ সেয়া একোৱে নজনা হৈ পৰে নিৰ্বাচনৰ পূৰ্বে মননশীল চিন্তা প্ৰদৰ্শন আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰা নিৰ্বাচিত জনপ্ৰতিনিধিয়ে। গুৰুত্বপূৰ্ণ যে সেই একেই অৱস্থা হৈছে কাৰ্বি পৰিষদৰ পৰিষদীয় ৭ নম্বৰ কপিলী সমষ্টিৰ বৃহত্তৰ মাইলু-লামচাখাংবাসীৰ ক্ষেত্ৰতো। সমষ্টিটোৰ জনপ্ৰতিনিধি পৱন কুমাৰে ৰাইজৰ সমস্যা দূৰ কৰিব পাৰিব বা সক্ষম হ’ব বুলি আশা কৰি তেওঁক নিৰ্বাচিত কৰিছিল, কিন্তু সেই আশাও নিৰাশা হ’ল। ৰাইজৰ আশাবোৰ বাস্তৱত পৰিণত নহৈ আজিও আশাবোৰ আশা হৈ ৰ’ল বৃহত্তৰ মাইলু-লামচাখাংবাসীৰ মনত।

Exit mobile version