ৰেল ব্যক্তিগতকৰণৰ বিৰোধিতাৰে মহানগৰীত চিটুৰ প্ৰতিবাদ

citu

দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ভাৰতীয় ৰেলৱেক শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগতকৰণৰ কৰিব বিচৰা সিদ্ধান্তৰ বিৰুদ্ধে শুকুবাৰে সমগ্ৰ দেশত শ্ৰমিক সংগঠন চিটুৰ আহ্বানত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

চি আই টি ইউৰ অসম ৰাজ্যিক কমিটিয়েও ৰাজ্যখনত বিভিন্ন প্ৰান্তত লগতে কামৰূপ মহানগৰ জিলাৰ নাৰেংগী, বশিষ্ঠ আদি অঞ্চলত তলাবন্ধৰ নীতি-নিয়মৰ মাজেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰৰ এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায়।

Exit mobile version