কেমেৰাৰ আৰ্হিত ঘৰ সাজি মনোবাঞ্ছা পূৰণ

camera shaped house karnataka 759

মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ বহুজনে ঘৰ এৰে ৷কোনো কোনোৱে আকৌ জীৱন যুঁজত আধা পথতে এৰিবলগীয়া হয় নিজৰ মনোবাঞ্ছাক ৷ বহুতে নিজে নিবিচাৰিলেও কালক্ৰমত স্বয়ং চেঁচাপানী পৰি যায় মনোবাঞ্ছাৰ ওপৰত৷ কিন্তু এজন ফটোগ্ৰাফাৰে যদি মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ জেদত ধৰে তেন্তে কি হ’ব পাৰে? এনে এজন লোকেও আনৰ চিন্তাৰ বৰ্হিপ্ৰকাশ দেখিবলৈ পোৱা গৈছে কৰ্ণাটকত ৷ নিজৰ মনোবাঞ্ছাৰ বাস্তৱ ৰূপ দিবলৈ লোকজনে কেমেৰাৰ ৰূপতে সাজি উলিয়ালে এটি ঘৰ ৷ লোকজনৰ নাম ৰবি হাংগল ৷ কৰ্ণাটকৰ বেলগ্ৰামৰ বাসিন্দা ৷ সৰুৰে পৰা তেওঁ ছবি তুলিবলৈ ভাল পাইছিল । ডাঙৰ হোৱাৰ পাছত ফটোগ্ৰাফিকে বৃত্তি হিচাপে বাছি লয় ৷

শেহতীয়াকৈ তেওঁ নিৰ্মাণ কৰি উলিয়াইছে এটি ঘৰ ৷ হাংগলৰ ঘৰটো দেখিবলৈ এটি কেমেৰাৰ দৰে ৷ তিনি মহলীয়া ঘৰটোৰ সন্মুখৰ পৰা চালে এটি কেমেৰা থিয় কৰাই থোৱা যেন লাগে ৷ ঘৰটো নিৰ্মাণ কৰিবলৈ প্ৰায় ৭১ লাখ টকাৰ ব্যয় হৈছে ৷ একমাত্ৰ ঘৰটো কেমেৰাৰ আৰ্হিত নিৰ্মাণৰ মাজতে হাংগলৰ মনোবাঞ্ছাই পূৰ্ণতা লাভ কৰা নাই ৷ নিজৰ তিনি পুত্ৰৰ নামো ৰাখিছে কেমেৰাৰ নামেৰেই । কেনন, নিকন আৰু এপচন ৷ নিজৰ মনোবাঞ্ছাক পূৰ্ণতা প্ৰদান কৰিবলৈ ইয়াতকৈ হয়তো আৰু অধিক কোনেও নকৰিব ৷ সেয়েহে হাংগলক লৈ ছ’চিয়েল মিডিয়াত আৰম্ভ হোৱা চৰ্চাই সমাপ্তিৰ নাম নোলোৱা হৈছে।

Exit mobile version