মাস্ক পৰিধান কৰাৰ ক্ষেত্ৰত পৰস্পৰ বিৰোধী ভাষ্য

un health agency to gauge global threat as china confirms coronavirus transmission between humans

সমগ্ৰ বিশ্বত কৰ’নাৰ আক্ৰান্তৰ সংখ্যাই কেতিয়াবাই কোটিৰ ঘৰ স্পৰ্শ কৰিছে ৷ মৃত্যুৰ সংখ্যাও ক্ৰমাৎ উৰ্ধ্বগামী হৈছে । যিকোনো সময়তে ছয় লাক স্পৰ্শ কৰিব ৷ সংক্ৰমণৰ তালিকাত শীৰ্ষস্থানত থকা আমেৰিকাত ইতিমধ্যে এক লাখ ৪০ হেজাৰ লোকৰ মৃত্যুৰ পাছতো দেশখনৰ নাগৰিকসকল দিশহাৰা হৈ আছে ৷ ইয়াৰ কাৰণ ব্যাখ্যা কৰিবলৈ গৈ আমেৰিকাৰ একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে এই ক্ষেত্ৰত অধিক পৰিমাণে দায়ী বিশ্ব স্বাস্থ্য সংস্থা ৷

শেহতীয়াকৈ ২৩৯ জন বিজ্ঞানীয়ে আমেৰিকাৰ এখন দৈনিক কাকতত “হু”ক উদ্দেশ্য কৰি এখন মুকলি পত্ৰ লিখিছিল ৷ বিজ্ঞানীসকলে দাবী তোলে যে হু ৱে তেওঁলোকৰ নিৰ্দেশিকাত ক’ভিড-১৯ ক বায়ুবাহিত ৰোগ ৰূপে উল্লেখ কৰক। ইয়াৰ পিছতে হুৱে চাপত পৰি নিৰ্দেশিকা পৰিৱৰ্তন কৰি জনালে যে সম্পূৰ্ণৰূপে বায়ুবাহিত নহ’লেও এই ভাইৰাছে বন্ধ কোঠাৰ বতাহত বিয়পিব পাৰে ৷ অৱশ্যে হুৰ এনে মত পৰিৱৰ্তন নতুন কথা হৈ থকা নাই ৷ কৰ’নাৰ সংক্ৰমণৰ আৰম্ভণিতে হুৰ তৰফৰ পৰা কোৱা হৈছিল যে সকলো সময়তে মাস্ক পৰিধান কৰি থকাৰ প্ৰয়োজন নাই । পাছত সংস্থাটোৱেই সকলো দেশৰ চৰকাৰক মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে ৷

আমেৰিকাৰ এখন দৈনিক কাকতত লিখিছে, “সংক্ৰমণ ৰোধ কৰিবলৈ মুখত মাস্ক পৰিধান কৰা উচিত নে অনুচিত ৷ এই বিষয়ত হুৱে স্পষ্ট বাৰ্তা দিব নোৱাৰিলে ৷ তেওঁলোকে এটা সময়ত কৈছিল যে অসুস্থ হ’লেহে মাস্ক পৰিধান কৰক ৷ হুৰ এই ধৰণৰ বাৰ্তাতাই সমগ্ৰ বিশ্বজুৰি এই বিষয়ত অনিশ্চয়তাৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে হু ৰ সমান্তৰালকৈ সাধাৰণ লোকক সন্দিহান কৰি তোলাৰ ক্ষেত্ৰত একাংশ ৰাষ্ট্ৰনেতাৰ ভূমিকাও অনেক ৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰম্ভণিৰে পৰাই মাস্কৰ বিৰোধী আছিল । আনকি তেওঁ পাৰস্পৰিক দূৰত্বৰ প্ৰয়োজনীয়তাও মানিবলৈ বাধ্য হোৱা নাছিল ৷

আনহাতে ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে প্ৰথম অৱস্থাত মুকলিমূৰীয়াকৈ ঘুৰি ফুৰি কৰ’নাত আক্ৰান্ত হোৱাৰ পিছত সম্প্ৰতি মন্তব্য কৰিছে “ঘৰতেই থাকিব লাগিব বুলি কোনো কথা নাই ৷ বৰঞ্চ সতৰ্ক হৈ থাকক ৷” অথচ মৃত্যুৰ সংখ্যাৰ তালিকাত বিট্টেইনৰ স্থান তৃতীয় ৷ইপিনে সম্প্ৰতি তোলপাৰ লগাইছিল ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ’ বলছ’নাৰ’ৱে। সাংবাদিকৰ বৈঠকত জাইৰ’ৱে হঠাতে মুখৰ পৰা মাস্ক খুলি কয় তেওঁ ক’ভিড-১৯ পজিটিভ। ইয়াৰ পাছত সংবাদমাধ্যমসমূহে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিজনৰ বিৰুদ্ধে আদালতলৈ যোৱাৰ ভাবুকি দিছিল ৷ ব্ৰাজিলত ইতিমধ্যে ৭৫ হেজাৰৰ অধিক লোকৰ মৃত্যু হৈছে ৷ আনহাতে মৃত্যুৰ তালিকাত ইটালীক চেৰ পেলাই মেক্সিকো চতুৰ্থ স্থানলৈ উঠি আহিছে ৷

Exit mobile version