ৰামমন্দিৰ নিৰ্মাণক লৈ অনুষ্ঠিত বৈঠক

AYODHYA

ৰামজন্মভূমিৰ তীৰ্থক্ষেত্ৰক লৈ অযোধ্যাত একেৰাহে বৈঠকৰ আয়োজন কৰা হৈছে । এই বৈঠকত মন্দিৰৰ শিলন্যাস স্থাপনৰ বিষয়ে আলোচনা কৰি থকা হৈছে ৷ অৱশ্যে মন্দিৰৰ নিৰ্মাণৰ কাম ২৯ ৰ পৰা ৫ আগষ্টৰ ভিতৰত আৰম্ভ হ’ব পাৰে ৷ টাষ্টৰ অধ্যক্ষ মহন্ত নৃত্যগোপাল দাসে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অযোধ্যালৈ আহিবলৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷

ইপিনে বৈঠকত অংশ ল’বলৈ ট্ৰাষ্টৰ সকলো সদস্য আহি অযোধ্যাত আহি উপস্থিত হৈছে ৷ সকলোৱে ৰাম মন্দিৰৰ কাম অনতি পলমে আৰম্ভ কৰিবলৈ আহ্বান কৰিছে । লগতে টাষ্টৰ সদস্যসকলে বিচাৰে যাতে প্ৰধানমন্ত্ৰী মোদী অনতিপলমে অযোধ্যাত উপস্থিত হৈ ৰাম মন্দিৰৰ কাম আৰম্ভ কৰক । অৱশ্যে কৰ’না ভাইৰাছৰ কাৰণে দিয়া তলাবন্ধৰ বাবে ৰাম মন্দিৰৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত কৰিব পৰা নাই ।

Exit mobile version