চীনৰ হুবেই প্ৰদেশৰ উহানৰ পৰাই বিয়পিছিল কৰ’না ভাইৰাছ ৷ পুনৰ এই দাবী দৃঢ়ভাৱে উত্থাপন কৰিলে আমেৰিকাই । চীনত মাৰ্কিন দূতাবাসৰ বিষয়াৰ স’তে মাৰ্কিন বিদেশ মন্ত্ৰণালয়ৰে হোৱা এটি আলোচনাত এনে তথ্য সমৃদ্ধ কেৱল উন্মোচিত কৰিলে আমেৰিকাই ৷ ২০১৮ৰ এই গোপন কেবলত উহানৰ গৱেষণাগাৰৰ কৰ্মীসকলৰ দক্ষতা আৰু এই ধৰণৰ ভাইৰাছ কামৰ বাবে জৰুৰী ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰা হৈছিল ৷ ঘটনাক্ৰমে যোৱা ডিচেম্বৰত উহানৰ বজাৰৰ পৰাই কৰ’না ভাইৰাছ বিয়পে বুলি কৈছে বিশ্ব স্বাস্থ্য সংস্থাই ৷ উহানৰ বজাৰত বাদুলি বা পেংগুলিনৰ পৰা নহয়,উহানৰ গৱেষণাগাৰৰ পৰাই কৰ’না ভাইৰাছ বিষপিছে বুলি এপ্ৰিলৰ পৰাই দাবী কৰি আহিছে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷
মে’তো ট্ৰাম্প প্ৰশাসনে একেই দাবী কৰে ৷ ট্ৰাম্পে কৈছিল “আমাৰ ওচৰত নথি পত্ৰ আছে ৷ মই নিশ্চিত,উহানৰ গৱেষণাগাৰৰ পৰাই বিয়পিছিল ৷ অৱশ্যে কিদৰে নিশ্চিত হ’লো সেয়া জনাব নোৱাৰিম ।তেনে কৰাটো উচিত নহ’ব ৷ একে অভিযোগ কৰে মাৰ্কিন বিদেশ সচিব মাইক পম্পেয়াই । উন্মোচিত হোৱা গোপন কেবলত দাবী মতে, ২০১৮ ত উহানৰ উক্ত গৱেষণাগাৰ চাবলৈ গৈছিল চীনৰ মাৰ্কিন দূতাবাসৰ কেইজনমান বিষয়ববীয়াই ৷তেওঁলোকে গৈ দেখে যে দক্ষ কৰ্মী যথেষ্ট অভাৱ আছে গৱেষণাগাৰত ৷ এনে ধৰণৰ ভাইৰাছক লৈ কাম কৰাৰ বাবে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰো অভাৱ আছে ৷
গোপন কেবলত কৰা অভিযোগ অনুসৰি বাদুলিৰ শৰীৰত পোৱা ছাৰ্দৰ দৰে বিভিন্ন ধৰণৰ কৰ’না ভাইৰাছক লৈ কাম কৰাৰ অনুমতি থাকিলেও উহানৰ গৱেষণাগাৰত বিজ্ঞানীসকলে মানৱ শৰীৰত সংক্ৰমণ ঘটাব পাৰি,এনে ধৰণৰ ছাৰ্দ কৰ’না ভাইৰাছ লৈ কাম কৰি আহিছে । জন হপকিন্স বিশ্ববিদ্যালয়ৰ চেন্টাৰ ফৰ হেলথ ছিকিউৰিটি বিভাগৰ বিষয়া টম ইংলেছবায়ে কয় ৷” গৱেষণাগাৰৰ পৰা কৰ’না ভাইৰাছ বিয়পোৱাৰ দাবী সম্পূৰ্ণৰূপে মানি ল’ব পৰাকৈ গোপন কেবলত একো নাই ৷ অৱশ্যে এই দাবী নসাৎ কৰা হোৱাও নাই।