চিন্তিত মন্ত্ৰী অতুল বৰাঃ পুনৰ বন্ধ কৰিবলগীয়া হ’ব নেকি প্ৰিয় গাহৰি মাংস ?

ATUL BORA

এফালে বিশ্ব ত্ৰাস কৰ’না আনফালে প্ৰলয়ংকৰী বান । তাৰে মাজতে আকৌ আৰম্ভ বোকাখাত সমষ্টিৰ উত্তৰ অংশত গাহৰিৰ অচিন ৰোগত আক্ৰান্ত ৷ চিন্তিত মন্ত্ৰী অতুল বৰা | পুনৰ বন্ধ কৰিবলগীয়া হ’ব নেকি মন্ত্ৰীজনৰ প্ৰিয় গাহৰি মাংস ? উল্লেখ্য যে শেহতীয়াকৈ ৰাজ্যত আফ্ৰিকান চোৱাইন জ্বৰত হেজাৰ হেজাৰ গাহৰিৰ মৃত্যু হৈছিল আৰু সংক্ৰমণ ৰোধ কৰিবলৈ গাহৰীৰ কিনা-বেচাৰ লগতে মাংস বিক্ৰী বন্ধ কৰিবলগীয়া হৈছিল ৰাজ্য চৰকাৰে |

কিন্তু ক্ৰমাৎ সংক্ৰমণ কমি অহাত গাহৰিৰ ব্যৱসায় ৰাজ্য আৰম্ভ হৈছিল । কিন্তু পুনৰ দ্বিতীয়টো প্ৰলয়ংকৰী বানৰ কবলত পৰা বোকাখাতৰ বংকুৱাল, অফলা, মিচিমাটি, বৰটিকা, ৰিৰিগাঁও আদি অঞ্চল সমূহত পুনৰ অচিন ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে শতাধিক গাহৰি । যাৰ ফলত অঞ্চলটো গাহৰি পালক সকল লৈ পুনৰ অন্ধকাৰ নমাই আনিছে ৷ নৈ পৰীয়া কৃষক ৰাইজৰ অৰ্থনীতিৰ মেৰুদণ্ড স্বৰূপ পোহনীয়া গাহৰিৰ সমূহ মৃত্যুৱে দিশহাৰা কৰি তুলিছে পালক সকলক ৷

ইফালে মৃত গাহৰি সমূহ ওখ স্থানৰ অভাৱত পালক সকলে পুতিব নোৱাৰৰ ফলত নৈৰ পানীত পেলাই দিয়া পৰিলক্ষিত হৈছে ৷ যাৰফলত ব্ৰহ্মপুত্ৰৰ চাপৰি অঞ্চল সমূহতো ব্ৰহ্মপুত্ৰৰ পানীত উটি অহা মৃত গাহৰি সমূহৰ দুৰ্গন্ধই পহুধন সমূহৰ লগতে জনসাধাৰণৰ মাজতো বিভিন্ন জটিল ৰোগ সৃষ্টি কৰি তুলাৰ সম্ভাৱনা আছে ৷ সেয়েহে মন্ত্ৰী অতুল বৰাক তৎকালেভাৱে গাহৰি অচিন ৰোগত মৃত্যু সন্দৰ্ভত পশু চিকিৎসকৰ দল উক্ত স্থান সমূহত নিয়োজিত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ৷

Exit mobile version