ৰাজপথৰ দাঁতিত তিলতিলকৈ মৃত্যুৰে যুঁজিছে অসম গৌৰৱ এশিঙিয়া গঁড়ে

kaziranga1

বানৰ প্ৰকোপত অসম গৌৰৱৰ বিপৰ্যয় আৰম্ভ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৷ ৰাজপথত আলৈ আথানি হৈছে অসম গৌৰৱ ৷ কলিয়াবৰৰ কুঠৰীৰ সমীপৱৰ্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ অন্তৰ্গত বাঘমাৰীত ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ বাঢ়নী পানীত ওপঙি মৃত্যুৰ ক্ষণ গণিছে এটা প্ৰাপ্তবয়স্ক গঁড়ে ৷ ৰাজপথৰ ওপৰৰ পৰাই পহৰা দি কেইডালমান ঘাঁহ ছটিয়াই বন্যপ্ৰাণীপ্ৰেমৰ নমুনা প্ৰদৰ্শন কৰিছে বনবিভাগে ৷

উল্লেখযোগ্য যে,  এদিন পূৰ্বে বহু সময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় পথৰ ওপৰতে গঁড়টো শুই পৰিছিল । সেই সময়তে গঁড়টোক লৈ যোৱাৰ ব‍্যৱস্থা নকৰি বন বিভাগে পুনৰ পানীলৈ খেদি পঠিয়াই । বৰ্তমানলৈকে গঁড়টো পানীতেই উপঙি থাকিব লগা হৈছে । গঁড়টোক ট্ৰেংকুলাইজ কৰি চিকিৎসাৰ পাছত সুষ্ঠ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছিল যদিও এইপৰ্যন্ত কোনো চিকিৎসা অথবা পুনঃউদ্ধাৰৰ ব্যৱস্থা নকৰি বনবিভাগে তিলতিলকৈ মৃত্যুৰ গৰাহলৈ ঠেলি দিছে অসম গৌৰৱ এশিঙিয়া গঁড়ক ৷

Exit mobile version