বজালীৰ জলসম্পদ বিভাগৰ খতিয়ান ল’লে মন্ত্ৰী কেশৱ মহন্তই

pathsala

অাজি পাঠশালাৰ জলসম্পদ বিভাগৰ কাৰ্যালয়ত হঠাতে উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত ৷ ইয়াৰ পিছতে মন্ত্ৰী মহন্তই বিভাগৰ কৰ্মচাৰীসকলৰ কামৰ খতিয়ান লৈ পহুমৰা নদীৰ তাণ্ডৱ অাৰু কেনেদৰে মথাউৰি ভাঙিলে সেয়া কাৰণ দৰ্শাই বিশ্লেষণ বিচাৰে ৷ অাজি বিভাগৰ বৰপেটা সংমন্দলৰ কাৰ্য্যবাহী অভিযন্তা পুলক চৌধুৰী অাৰু অসমৰ আগশাৰীৰ ঠিকাদাৰ অনুপম শৰ্মাক লগত লৈ কেনেদৰে শীঘ্ৰেই মথাউৰি নিৰ্মাণ সম্পূৰ্ণ কৰিব পাৰি তাৰ বিষয়ে মন্ত্ৰী গৰাকীয়ে বিষদভাবে আলোচনা কৰে ৷ অাজি মন্ত্ৰী গৰাকীৰ লগত এনে পৰ্যালোচনাত উপস্থিত থাকে স্থানীয় বিধায়ক পবিন্দ্ৰ ডেকা ৷

একেলগে অাজি মন্ত্ৰী গৰাকীৰ স’তে অগপৰ যুৱ পৰিষদৰ নেতা তপন দাস অাৰু ভৱানীপূৰ সমস্তিৰ প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাস অাৰু অগপৰ যুৱ নেতা ধ্ৰুবজ্যোতি দত্তও উপস্থিত থাকে ৷ ইয়াৰে মাজতে তেওঁ কাৰ্যালয় চৌহদত চলিত উচ্ছতৰ মাধ্যমিকৰ পৰীক্ষাত বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰা অবিনাশ কলিতাক বিশেষ ভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ ইতিমধ্যে গহীন পাৰাত ভগা মথাউৰি পুনAssamৰ নিৰ্মাণ কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে ৷ তেওঁ কয় যে অনাগত বানত যাতে আহি ক্ষয় ক্ষতি হ’ব নোৱাৰে তাৰ ব্যবস্থা লোৱাৰ চেষ্টা অব্যাহত ৰাখিব বুলি কয় ৷ আনহাতে তলাবন্ধ অাৰু কৰ’না মহামাৰীৰ বাবে কাম কৰাৰ ক্ষেত্ৰত কিছু বাধাৰ সমুখীন হ’ব লগীয়াত পৰা বুলি উল্লেখ কৰে ৷

Exit mobile version