বিধায়ক অতুল বৰা কৰ’নাত আক্ৰান্ত

dispur 1

বৃহত্তৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা কৰ’নাত আক্ৰান্ত হৈছে । কে’বাদিনো ধৰি বিধায়ক গৰাকী কোৱাৰেণ্টাইনত আছিল ।সম্প্ৰতি বিজেপিৰ বিধায়ক গৰাকীৰ দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰিছে । অতি শীঘ্ৰে বিধায়ক গৰাকীক যাৱতীয় চিকিৎসাৰ বাবে ব্যবস্থা গ্ৰহণ কৰা হৈছে । বিধায়ক গৰাকী কৰ’নাত আক্ৰান্ত হোৱাৰ খবৰে ইতিমধ্যে বৃহত্তৰ দিছপুৰ সমষ্টিত খলকনিৰ সৃষ্টি কৰিছে। সমষ্টিটোৰ জনপ্ৰিয় বিধায়ক গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে সমষ্টি বাসীয়ে ।

ADVERTISEMENT

ইপিনে যি সময়ত বৃহত্তৰ সমষ্টিটো সম্প্ৰতি বানৰ কবলত, যি সময়ত সমষ্টি বাসীৰ ওচৰত বিধায়ক গৰাকীক অতি প্ৰয়োজন আছিল তেনে সময়ত বিধায়ক গৰাকী অসুস্থ হৈ পৰাত অঞ্চলবাসী অতিকৈ হতাশ হৈ পৰিছে ।উল্লেখ্য যে, বিধায়ক অতুল বৰাই নহয় ইতিমধ্যে কৰ’নাত ভালে কেইগৰাকী বিধায়ক কৰ’নাত আক্ৰান্ত হৈছে । যাক লৈ সমষ্টিবোৰত তীব্ৰ শংকাই দেখা দিছে । ইপিনে আগন্তুক নিৰ্বাচনৰ সময়ত এইদৰে বিধায়ক কৰ’নাত আক্ৰান্ত হোৱাত শাসকীয় পক্ষ তথা বিৰোধী পক্ষ যথেষ্ট বিমোৰত পৰা দেখা গৈছে।

Exit mobile version