কৰ’না মহামাৰীৰ সময়ত বিদ্যালয়সমূহত পাঠদান কৰাতো সুৰক্ষিত নে? কি ক’লে বিশেষজ্ঞই

Online classes 1 1

কৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ সময়ত সম্প্ৰতি কিছু কিছু ঠাইত বিদ্যালয়সমূহত পাঠদান আৰম্ভ কৰিছে ৷ ইয়াৰ বিপৰীতে বিশেষজ্ঞসকলে আশংকা কৰিছে যে পাঠদান আৰম্ভ কৰাৰ লগে লগে বিদ্যালয়সমূহত কৰ’নাৰ সংহাৰী ৰূপ বৃদ্ধি পাব ৷ দক্ষিণ কোৰিয়াত এই সন্দৰ্ভত প্ৰায় ৬৫ হাজাৰ লোকৰ ওপৰত সমীক্ষা কৰোৱা হয় । সমীক্ষা অনুসৰি ১০ ৰ পৰা ১৯ বছৰৰ বয়সৰ শিশুৱে বয়স্ক লোকৰ দৰে সংক্ৰমণ বৃদ্ধি কৰিব পাৰে । লগতে বিশেষজ্ঞসকলৰ সমীক্ষা অনুসৰি বিদ্যালয়ত পাঠদান আৰম্ভ কৰাৰ লগে লগে সমাজত সংক্ৰমণ বৃদ্ধি পাব । কাৰণ বিদ্যালয়ত বিভিন্ন বয়সৰ ছাত্ৰ ছাত্ৰী থাকে।তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও ভিন্ন ৷ গতিকে ছাত্ৰ ছাত্ৰীসকল যাতে কৰ’নাত সংক্ৰমিত নহয় তাৰ কাৰণে আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞই ।

ADVERTISEMENT

ইফালে ইউৰোপ আৰু এছিয়াত হোৱা বহু গৱেষণাত ধৰা পৰিছে যে সৰু ল’ৰা ছোৱালীৰ ভাইৰাছ সংক্ৰমিত কৰাৰ সম্ভাৱনা বহুত কম । সম্প্ৰতি ডেনমাৰ্ক, ফিনলেণ্ডৰ দৰে দেশসমূহৰ বিদ্যালয়সমূহত পাঠদান পুনৰ আৰম্ভ কৰিছে যদিও চীন, ইজৰাইল, দক্ষিণ কোৰিয়াত বিদ্যালয়সমূহ পুনৰ বন্ধ কৰিবলৈ বাধ্য হৈছে। ভাৰততো কৰ’না সংক্ৰমণৰ দিশলৈ চাই বিদ্যালয়সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰে । ছাত্ৰ-ছাত্ৰীসকলক অনলাইন পাঠদানৰ জৰিয়তে শিক্ষা দিয়া হৈছে ভাৰতত ।

Exit mobile version