তিৰুপতিত কৰ’নাৰ সংহাৰ

maxresdefault 2

অন্ধ্ৰপ্ৰদেশৰ তিৰুপতি মন্দিৰত সম্প্ৰতি কৰ’নাৰ সংহাৰী ৰূপ দেখা গৈছে ৷ তিৰুপতিত পাঁচ আগষ্টলৈকে তলাবন্ধ দিয়া হৈছে ৷ অৱশ্যে তলাবন্ধৰ সময়ত তিৰুপতি মন্দিৰ খোলা থাকিব যদিও দৰ্শনাৰ্থী যাব নোৱাৰিব ৷ ইফালে তিৰুপতিত প্ৰায়ভাগ স্থানতেই কনটেইনমেন্ট জ’ন ঘোষণা কৰা হৈছে। তিৰুপতিত ৫৬ টা ৱাৰ্ডত ২০-৩০ টাকৈ কৰ’না ৰোগী আছে । প্ৰশাসনে বাহিৰৰ পৰা অহা লোকসকল অহাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিছে । তলাবন্ধৰ সময়ত কেৱল জৰুৰীকালীন সেৱাৰ লগত জৰিত লোকসকলহে বাহিৰলৈ ওলাব পাৰিব ৷

ADVERTISEMENT

আনহাতে তিৰুপতি মন্দিৰত ১৭০ জনৰ শৰীৰত পোৱা গৈছে কৰ’না । সোমবাৰে মন্দিৰৰ মূখ্য পূজাৰী শ্ৰী নিবাস দীক্ষিতুলুৰ কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে । ইয়াৰ লগে লগে কৰ্মচাৰী সংগঠনে মন্দিৰটো কৰ’নাৰ কাৰণে বন্ধ কৰাৰ দাবী কৰিলেও এই ক্ষেত্ৰত মন্দিৰৰ ট্ৰাষ্টে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কেৱল ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ কৰ্মচাৰী আৰু পূজাৰীসকলক মন্দিৰলৈ আহিবলৈ বাধা প্ৰদান কৰিছে ট্ৰাষ্টে।

Exit mobile version