সুশান্তৰ আত্মহত্যাৰ নতুন তথ্য

sushant singh rajput old photos 1200

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত সোমবাৰে মুম্বাইৰ পুলিচে অভিনেতাগৰাকীৰ মনোৰোগ চিকিৎসক ড° পাৰবীন টৰাইছৰ মতামত লয় ৷ বান্দ্ৰা পুলিছ ষ্টেশ্যনত প্ৰায় পাঁচ ঘন্টা জুৰি চলা বাৰ্তালাপত চিকিৎসক পাৰবীনে কয় যে তেওঁৰ ওচৰলৈ ২০১৮ ত সুশান্ত চিকিৎসাৰ কাৰণে৷আহিছিল ৷ কিন্তু কাউন্সিলিং ভাল নোহোৱাৰ কাৰণে চিকিৎসক পাৰবীনৰ লগত কথাৰ কটাকটি ঘটি আধাতে ট্ৰীটমেন্ট এৰি দিয়ে ৷ আৰক্ষীয়ে সুশান্তৰ কাউন্সিলিং ষ্টেশ্যন, সুশান্তে সন্মুখীন হোৱা অসুবিধা সমূহৰ লগতে ঔষধৰ কথা চিকিৎসক পাৰবীনৰ পৰা জানিব বিচাৰে ৷ কিন্তু সুশান্ত বহু কেইজন মনোৰোগ চিকিৎসকৰ ওচৰলৈ গৈছিল ৷

আৰক্ষীৰ এক বিশেষ সূত্ৰৰ মতে ২০১৯ ৰ নবেম্বৰৰ পৰা সুশান্তে নিজৰ চিকিৎসা আৰম্ভ কৰে ৷ আৰক্ষীৰ স’তে হোৱা বাৰ্তালাপত আন এগৰাকী মনোৰোগ চিকিৎসকে কয় যে সুশান্ত বায়’প’লাৰ ডিছঅ’ডাৰত ভূগি আছিল । আন এগৰাকী চিকিৎসকে সুশান্তৰ জীৱনটো বহু ঘাত প্ৰতিঘাটেৰে পৰিপূৰ্ণ বুলি কয় যদিও অভিনেতা গৰাকী কি এনে দুখ আছিল সেই বিষয়ে জ্ঞাত নাছিল চিকিৎসকজন ৷ ইফালে সততে শুনি অহা বায়’প’লাৰ ডিচঅ’ৰ্ডাৰ হৈছে এটা মানসিক ৰোগ ৷এই ৰোগত মানুহৰ আচৰণ সলনি হয় ৷ ৰোগীয়ে আশা পাশে থকা লোকসকলক বিশ্বাসত ল’বলৈ এৰি দিয়ে ৷

চিকিৎসকৰ মতে সুশান্তেও যিকোনো চিকিৎসকৰ ওচৰলৈ এবাৰ বা দুবাৰহে গৈছিল ৷ সম্ভৱত বাইপ’লাৰ ডিছঅ’ডাৰৰ কাৰণে যিকোনো চিকিৎসকক বিশ্বাসত ল’ব পৰা নাছিল সুশান্তে ৷ প্ৰত্যেকজন চিকিৎসকৰ স’তে আৰক্ষীৰে স’তে হোৱা কথা বতৰা এই কথা পোহৰলৈ আহিছে যে সুশান্তে সময়মতে ঔষধ লোৱা নাছিল । আনহাতে তলাবন্ধৰ সময়ত সুশান্তে ফোনতেই চিকিৎসকৰ লগত কথা পাতি পৰামৰ্শ লৈছিল ৷

উল্লেখযোগ্য যে বলীউডৰ অভিনেতা ৩৪ বছৰীয়া সুশান্ত সিং ৰাজপুতে ১৪ জুনত মুম্বাইস্থিত বাসগৃহত আত্মহত্যা কৰে৷ মৰণোত্তৰ পৰীক্ষাত সুশান্তে আত্মহত্যা কৰিছে বুলি প্ৰমাণ হ’লেও এতিয়াও এই সন্দৰ্ভত মুম্বাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ কাৰণ সকলোৰে এটাই প্ৰশ্ন ইমান প্ৰতিভাৱান এজন অভিনেতাই শেষত এনেধৰণৰ এটা চৰম সিদ্ধান্ত কিয় ল’লে? এই পৰ্যন্ত সুশান্তৰ আত্মহত্যাৰ প্ৰসংগত মুম্বাইৰ পুলিচে চিকিৎসক,অভিনেতাজনৰ ঘৰৰ কৰ্মচাৰী, বলীউডৰ প্ৰযোজক, পৰিচালক, গাৰ্ল ফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীকে আদি কৰি প্ৰায় ৪০ জন লোকক জেৰা কৰিছে ৷

Exit mobile version