কঠোৰ নিৰ্দেশনাৰ মাজত মক্কাত সৰ্বাধিক এহেজাৰ লোকৰ উপস্থিতিত হজ

a small group of worshippers pray at kaaba in the masjid al haram while practicing social distancing during the holy month of ramadan in the holy city of makkah saudi arabia may 4 2020. spa

কৰ’নাৰ সংক্ৰমণে বিশ্বজুৰি অব্যাহত ৰখা ভয়াৱহ পৰিৱেশৰ প্ৰভাৱৰ পৰা মুক্ত নহ’ল ছৌদি আৰবত অনুষ্ঠিত হৈ অহা বিশ্বৰ ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ হজ । ছৌদি প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাৰ মাজত এইবাৰ সৰ্বাধিক এহেজাৰজন লোকৰ উপস্থিতিতহে হজ অনুষ্ঠিত হ’ব । প্ৰতি বছৰে হজত বিশ্বৰ সকলো প্ৰান্তৰ পৰা অহা লাখ লাখ লোকেৰে ছৌদি আৰৱ ভৰি পৰে । এইবাৰো অহা ৩১ জুলাইৰ পৰা হজ যাত্ৰা আৰম্ভ হোৱাৰ কথা আাছিল; কিন্তু কৰ’নাই সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সকলো আয়োজন এইবাৰ বন্ধ হৈ পৰে। কেৱল পৰম্পৰা ৰক্ষা কৰিহে এইবাৰৰ হজ অনুষ্ঠিত হ’ব বুলি ছৌদি আৰৱ চৰকাৰে ঘোষণা কৰিছে ।

ইয়াকে লৈ হজৰ বাবে সপোন পুহি ৰখা বিশ্বৰ লাখ লাখ ইছলামধৰ্মী লোকে আক্ষেপ কৰিলেও সাম্প্ৰতিক পৰিস্থিতিৰ বাবে সকলোৱে ইয়াক আদৰণি জনাবলৈ বাধ্য হৈছে। দেশখনৰ হজ মন্ত্ৰী মহম্মদ বেন্টেনে কয় যে এইবাৰ বিভিন্ন দেশৰ পৰা সৰ্বাধিক এহেজাৰ লোককহে হজত অংশগ্ৰহণৰ অনুমতি দিয়া হ’ব। এই সকলো হ’ব ছৌদি আৰৱত পূৰ্বৰে পৰা থকা লোক । আনহাতে, দেশখনৰ স্বাস্থ্যমন্ত্ৰী তৌভিক আলৰাবিয়া আৰোৱে প্ৰকাশ কৰে যে যিসকলক হজত অংশগ্ৰহণৰ অনুমতি দিয়া হ’ব তেওঁলোকৰ বয়স ৬৫ বছৰৰ তলত হ’ব লাগিব। তদুপৰি তেওঁলোক কোনো পুৰণি ৰোগত আক্ৰান্ত হ’ব নোৱাৰিব। আকৌ মক্কা চহৰত প্ৰৱেশৰ পূৰ্বেও অনুমতি প্ৰাপ্ত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব ।

আনহাতে, হজ সম্পন্ন হোৱাৰ পাছত প্ৰত্যেক হোম কোৱাৰেন্টাইনত থকাটো বাধ্যতামূলক বুলি স্বাস্থ্যমন্ত্ৰীজনে সদৰী কৰে। ছৌদি চৰকাৰৰ এনে ঘোষণাৰ পাছতে ভাৰতত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুক্তাৰ আব্বাছ নাকভিয়ে স্বাস্থ্যমন্ত্ৰীজনৰ লগত বাৰ্তালাপ কৰে। স্বাস্থ্যমন্ত্ৰী আলৰাবিয়াই এই বাৰ্তালাপৰ সময়ত ভাৰতক এইবাৰ হজৰ বাবে কোনো লোক নপঠিয়াবলৈ আহ্বান জনায়। ভাৰতে ইতিমধ্যে হজৰ বাবে কাকো নপঠিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

Exit mobile version