চীনে কৰ’না ভাইৰাছ সৃষ্টি কৰি ভাৰতৰ সীমান্তত আক্ৰমণ কৰিছেঃ আমেৰিকা

download

পুনৰ আমেৰিকাই চীনক লক্ষ্য কৰি কটাক্ষ কৰাৰ আৰম্ভ কৰিছে ৷ আমেৰিকাৰ হাউচ অফ ৰিপ্ৰেজেণ্টেটিভত নেশ্যনেল ডিফেন্স অথৰাইজ্যেশ্যন আইন সংশোধনৰ পিছত এই বিধেয়কখনত গৃহীত কৰে ৷ এনে সময়তে গালৱান উপত্যকাত ভাৰতৰ বিৰুদ্ধে চীনৰ আক্ৰমণাত্মক স্থিতিৰ সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হয় । এই সময়ত আমেৰিকাৰ সংসদতে কয় যে চীনে কৰ’না ভাইৰাছৰ সুবিধা লৈ সমগ্ৰ বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰিলে লগতে ভাৰতৰ ভূমিত আধিপত্য বিস্তাৰ কৰিব বিচাৰিছে ৷

ইফালে আমেৰিকাৰ সংসদে গালৱানত কৰা চীনৰ ব্যৱহাৰত গৰিহনা দিয়ে ৷ লগতে সংসদে কয় যে এলএচিত উত্তেজনা হ্ৰাস কৰিবৰ কাৰণে ভাৰত আৰু চীনে যৌথভাৱে কাম কৰিব লাগে ৷ দক্ষিণ চীন সাগৰ, এলএচিৰ দৰে বিতৰ্কিত অঞ্চলত চীনৰ সেনাৰ উগ্ৰ আচৰণ চিন্তাৰ বিষয় । আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক টী এস্পৰে কয় “বিতৰ্কিত অঞ্চলত চীনৰ আচৰণে প্ৰমাণ কৰিছে ৷” দক্ষিণ চীন সাগৰক লৈ ২০০২ চনত হোৱা চুক্তিক মানি চলা নাই দেশখনে । আমি আশা কৰিছো চীনে অচিৰেই নিজক পথ পৰিৱৰ্তন কৰিব ৷ চীন আৰু ভাৰতৰ প্ৰত্যেকটো আচৰণত আমি লক্ষ্য কৰি আছো ।

ভাৰত চীন দুয়োখন দেশেই মিলি সীমান্তৰ উত্তেজনা হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা মন্ত্ৰী টী এস্পৰে ৷ উল্লেখযোগ্য যে ভাৰত চীন সীমান্তত গালৱান উপত্যকাত হোৱা সংঘৰ্ষত প্ৰায় ২০ জন ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ লগতে চীনৰো প্ৰায় ৪০ জন জোৱানে প্ৰাণ হেৰুৱাইছিল ৷ ইয়াৰ পিছতে দুয়োখন দেশৰ সেনাৰ মাজত বহু উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হৈছিল ৷

Exit mobile version