চিৰাঙত আই নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত বহু গাঁও

IMG 20200723 WA0020

চিৰাং জিলাৰ আই নদীৰ গৰাখহনীয়াত সৰ্বস্বান্ত বিভিন্ন গাঁও । জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ আইপোৱালি,দেউশ্ৰীত আই নদীৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে । একেদৰেই টুক্ৰাঝাৰৰ বুৰিঝাৰত আই নদীৰ গৰাখহনীয়াত ৩৫ টা পৰিয়ালৰ ঘৰ সম্পূৰ্ণ ৰূপে নদীৰ বুকুত জাহ গৈছে । একেদৰেই ডেবৰ বিল গাঁৱৰ ১৫ টা ঘৰ আৰু নেপাল পাৰা গাঁৱৰ ৬৫ টা পৰিয়ালৰ ঘৰ আই নদীৰ গৰাখহনীয়াত সম্পূৰ্ণৰূপে আই নদীৰ বুকুত জাহ গৈছে । নেপাল পাৰা আৰু ডেবৰবিল গাঁও দুখনত আই নদীৰ গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে ।

নদী দ্বীপ সদৃশ এই দুখন গাঁও যিকোনো মুহুৰ্ততে নিশ্চিহ্ন হ’ব আই নদীৰ বুকুত । কিন্ত জিলাপ্ৰশাসন বা জলসম্পদ বিভাগে গাঁও দুখন ৰক্ষাৰ বাবে আজিলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। গৰাখহনীয়া প্ৰতিৰোধৰ বাবেও কোনো গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই। কৃষিভূমি খহনীয়াৰ কবলত পৰিছে,শালি ধানৰ খেতিৰ ওপৰেৰে পলস পৰি ধাননি তল গৈছে । কৃষি প্ৰধান দৰিদ্ৰ লোকৰ বসতিস্থল এই সমুহ গাঁও এই দৰে প্ৰতি বছৰেই বান আৰু গৰাখহনীয়াত সৰ্বস্বান্ত হয় আৰু প্ৰায় প্ৰতি বছৰেই নিজৰ ঘৰ লৈ ইঠাইৰ পৰা সিঠাই লৈ দৌৰিব লগীয়া হয় ।

আই নদীৰ খহনীয়াত নিজৰ ঘৰ দুৱাৰ বিলিন হোৱাত লোকসকলে আশ্ৰয় শিবিৰত থাকিব লগীয়া হৈছে । স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দন ব্ৰহ্মই এবাৰ গাঁৱখন ভ্ৰমণ কৰিছে যদিও বাস্তৱত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে যিদৰে তৎপৰতাৰে কাম কৰিব লাগিছিল তাৰ কিঞ্চিত পৰিমাণেও কৰা নাই । গাঁৱবাসীয়ে নিজেই গাঁৱখনৰ গছ তথা গছৰ ডাল আদি কাটি নদীৰ পাৰত দি গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা অব্যাহত ৰাখিছে ।ইপিনে হাগ্ৰামা দলঙৰ উত্তৰে আই আৰু নাঙল ভাঙা নদীৰ খহনীয়াই মূল পথচোৱা খহাই নিয়াৰ উপক্ৰম হৈছে । বৃহত্তৰ অঞ্চলৰ কৃষিভূমি গৰাখহনীয়াত জাহ গৈছে ।

Exit mobile version