শোণিতপুৰত ১,১৬২ হেক্টৰ কৃষিভূমি বানৰ কবলত

Assam Flood AP

শোণিতপুৰত ব্ৰহ্মপুত্ৰ আৰু জীয়াভৰলীৰ নৈৰ বাঢ়নিপানীয়ে পয়ত্ৰিশখন গাওঁ প্লাৱিত কৰিছে । লক্ষ্যণীয় যে শোণিতপুৰত বহু বাসগৃহ বানত ডুব যোৱাৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ওখ স্থানত বা বিদ্যালয় গৃহত আশ্ৰয় গ্ৰহণ কৰি থকাৰ সময়ত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জিলাৰ কোনোলোকেই বানত আক্ৰান্ত নোহোৱাৰ তথ্য প্ৰকাশ কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

ADVERTISEMENT

উল্লেখ্য যে, বৰছলা বিধান সভা সমষ্টিৰ অন্তৰ্গত বিহগুৰি আৰু বাঁহবাৰী মৌজাৰ একাধিক গাওঁ বানৰ কবলত পৰা স্বত্বেও কোনো এটা অঞ্চল বানৰ কবলত নপৰা বুলি দুৰ্যোগ ব্যৱস্থাপনা বিভাগে তথ্য প্ৰকাশ কৰিছে। তেজপুৰৰ কলিবাৰী ৰাজগড়, গড়চিঙাবিহীয়া গাওঁ, মকুৱা চাপৰি, জোৰগড়, কছাৰী পাম আদিকে ধৰি ২০ খন গাওঁ প্লাবিত হৈছে আৰু ইয়াৰ বহু য’তে ত’তে আশ্ৰয় ল’ব লগা হৈছে। আনহাতে শোণিতপুৰত প্লাবিত হৈছে ১১৬২ হেক্টৰ কৃষি ভূমি।

Exit mobile version