কৰ’নাৰ পৰা সকাহ কেতিয়া?

WhatsApp Image 2020 07 24 at 6.33.23 PM

কৰ’না আক্রান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন আৰু শংকিত ৰাজ্যবাসী। ৰাজ্যৰ আন আন জিলাৰ দৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো ক্রমান্নয়ে কৰ’না আক্রান্তৰ সংখ্যা মুঠ ২৮৭ জনলৈ বৃদ্ধি পাইছেগৈ । তথ্য অনুসৰি ইয়াৰে আক্ৰান্তৰ সংখ্যা ৪৬ জনৰ বিপৰীতে ২৩৮ জন লোক সুস্থ হৈ নিজ নিজ ঘৃহলৈ উভতিছে। আনহাতে সমগ্ৰ কাৰ্বি আংলঙত মৃত্যুৰ সংখ্যা হৈছে ৩ জন। উল্লেখযোগ্য যে যোৱা দুদিনৰ ভিতৰত ৯ জনৰ দেহত ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছতেই কাৰ্বি আংলঙত মুঠ কৰ’না আক্রান্তৰ সংখ্যা ২৮৭ জনলৈ বৃদ্ধি পায় । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ লগতে কাৰ্বি আংলঙবাসীও সম্প্ৰতি কৰ’না আক্রান্তৰ সংখ্যা বৃদ্ধিক লৈ উদ্বিগ্ন আৰু শংকিত হৈ পৰিছে । আৰু যোৱা দুদিনত ৯ জনৰ ভিতৰত পশ্চিম কাৰ্বি আংলঙৰ খেৰণি কপিলী মহাবিদ্যালয়ত অস্থায়ীভাৱে স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ কেশৱ আৰিয়ালৰ দেহত শেহতীয়াকৈ ধৰা পৰে ক’ভিড-১৯ পজিটিভ ।

ইতিমধ্যে কেশৱ আৰিয়ালক খেৰণি আদৰ্শ চিকিৎসালয়ৰ পৰা ক’ভিড চিৎসালয় হিচাপে ৰূপান্তৰিত কৰা চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছে। খেৰণি আদৰ্শ ক’ভিড চিৎসালয়খনৰ আৰিয়ালেই হৈছে প্ৰথম গৰাকী কৰ’না আক্ৰান্ত ৰোগী । গুৰুত্বপূৰ্ণ যে ইফালে কৰ’না যোদ্ধা হিচাপে আজি প্ৰায় ৩-৪ মাহ ধৰি কাৰ্বি আংলঙৰ প্ৰশাসন, আৰক্ষী, চিকিৎসক, স্বাস্থ্য কৰ্মীয়ে কৰ’নাৰ বিৰুদ্ধে যুঁজ দি আহিছে। সমান্তৰালভাৱে খেৰণি আদৰ্শ চিকিৎসালয় অধীনৰ ১০৮ সেৱাৰ কৰ্মী গৌতম বনিয়া আৰু দীপক দাসেও নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত কৰ’না আক্রান্ত ৰোগীক পশ্চিম কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ পৰা চিকিৎসালয়ে চিকিৎসালয়ে কঢ়িয়াই ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দি আহিছে। আৰু তেওঁলোকৰ এই সাহসী-নিৰ্ভীক সেৱা আৰু মহান ভূমিকা তথা অৱদানক লৈ সমগ্ৰ কাৰ্বি আংলঙবাসীৰ হৈ সংবাদ মাধ্যম গোষ্ঠীয়ে ঈশ্বৰৰ ওচৰত তেওঁলোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু হোৱাৰ কামনা কৰি প্ৰাৰ্থনা জনায় ।

Exit mobile version