কৰ’না পৰিস্থিতিৰ মাজতে পহিলা আগষ্টত ঈদ-ঊল-আজহা

eid celebration at dhupdhara 1 hamidul gani

বিশ্বজুৰি কৰ’না ভাইৰাছৰ আতংকৰ মাজতে অহা পহিলা আগষ্টত ইছলামধৰ্মীসকলে পালন কৰিব ঈদ-ঊল-আজহা। বকৰিদ্ বুলিও জনাজাত এই ঈদ-ঊল-আহা বিশ্বৰ লগতে অসমৰো ইছলামধৰ্মী সকলে কি পালন কৰিব। বৃহস্পতিবাৰে এক বিবৃতিত কেন্দ্ৰীয় হিহাল কমিটী অসমৰ সভাপতি মৌলানা ফখৰুদ্দিন আহমেদ কাছিমী অাৰু সম্পাদক প্ৰধান আলহাজ ইমদাদ হুছেইনে সদৰী কৰিছে।

উল্লেখ্য যে বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা কভি’ড- ১৯ ৰ বাবে ঈদ-ঊল-আজহাৰ পূৰ্বে সমগ্ৰ বিশ্বৰ মুছলিম লোক সকলে যাত্ৰা কৰা হজযাত্ৰা এইবেলি বাতিল কৰিছে ছৌদি আৰৱৰ চৰকাৰে। ইছলামধৰ্মৰ মূল ধৰ্মীয় পীঠস্হান মক্কাৰ কাবা শ্বৰীফ দৰ্শনৰ এই হজৰ পৰম্পৰা অতি কঠোৰ নিয়মৰ মাজেৰে মাত্ৰ এহেজাৰ হজ যাএীৰে এইবাৰ ছৌদি আৰৱ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ফলত বিশ্বৰ লাখ লাখ হজযাএী এই সুবিধাৰ পৰা বঞ্চিত হয়। তাৰ মাজতে পৰম্পৰা ৰক্ষা কৰি তথা কভি’ড -১৯ ৰ নিয়ম পালন কৰি বিশ্বজুৰি পহিলা আগষ্টত ঈদ-ঊল-আজহাৰ নামাজ পঢ়া হ’ব।

Exit mobile version